নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-বংগ সীমান্তৰে ৰাজ্যত আলু-পিঁয়াজ প্ৰৱেশত নিষেধাজ্ঞা বংগ প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিগত কেইদিনৰ পৰা পশ্চিমবংগ প্ৰশাসনে অসমত আলু পিয়াঁজ কঢ়িওৱা বাহনৰ প্ৰৱেশত বাধা প্ৰদান কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফলত বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে আলু পিয়াঁজৰ দাম। প্ৰতিকেজিত বিশ পঁচিশ টকাৰ আলু কালিৰে পৰা হৈছে চল্লিছ পঞ্চাশ টকা। আনহাতে প্ৰতি কিলোগ্ৰাম পিয়াঁজৰ মূল্য পঞ্চাশৰ পৰা একেকোবে হৈছে গৈ আশী টকা। বজাৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অসম পশ্চিমবংগ সীমান্তত উত্তৰ বংগ আৰক্ষী আৰু আৰক্ষীৰ স্বেচ্ছাসেৱী সংস্থাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। অনুৰূপ ধৰণে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীও চোকা দৃষ্টি ৰখা পৰিলক্ষিত হৈছে। পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰা সন্দেহজনক সকলোবোৰ ট্ৰাক তালাচী চলোৱাৰ লগতে বাদ পৰা নাই বলেৰো পিক‌আপ ভেন জাতীয় সৰু বাহনসমূহ‌ো। আজি ভিতৰুৱা পথেৰে ই-ৰিক্সা ঠেলা আদিৰে স্থানীয় ব্যৱসায়ী সকলে আলু পিয়াঁজ কঢ়িওৱাৰ ক্ষেত্ৰতো তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীয়ে বাধা প্ৰদান কৰিছে। কোচবিহাৰ জিলা প্ৰশাসনে অকল পশ্চিমবংগৰ আলু পিয়াঁজ অসমত ৰপ্তানিত বাধা প্ৰদান কৰা বুলি জানিব দিয়ে । কিন্তু বাস্তৱত দেখা গৈছে পশ্চিমবংগৰ মাজেৰে অহা অইন ৰাজ্যৰ আলু পিয়াঁজ কঢ়িওৱা বাহনসমূহকো অসমত প্ৰৱেশ কৰিব দিয়া হোৱা নাই। কোচবিহাৰ পাৰ হোৱাৰ পিছতে ঘুৰাই পঠোৱা হৈ আছে। সীমান্ত লৈ আহিব‌ই নোৱাৰে। যি দুই এখন পাৰ হৈ আহে সীমান্তৰ কঠোৰ নিৰাপত্তা বেষ্ঠনীত আটক হৈ পুনৰ ঘুৰি যাব লগীয়া হৈছে। ইয়াৰ পূৰ্বে জুলাই মাহতো মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰ খনে পশ্চিমবংগৰ পৰা আলু পিয়াঁজ কঢ়িওৱা বাহনৰ অসমত প্ৰৱেশত বাধা প্ৰদান কৰিছিল।

প্ৰেৰক প্ৰদীপ কুমাৰ কৰ্মকাৰ

You might also like