নুমলীগড়ৰ ১২০ বছৰীয়া আইতাই আজিলৈকে পোৱা নাই বৃদ্ধ পেঞ্চন
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ নুমলীগড়ৰ বৰপাক নগাবালি অঞ্চলৰ বাসিন্দা এইগৰাকী আইতা । নাম হৰিমাই চেত্ৰী । বয়স ১২০ বছৰ । যি সময়ত আশী উদ্বৰ ব্যক্তিৰ সংখ্যা ই নিচেই নগন্য তেনে সময়ত এইগৰাকী আইতাই নিজে খোৱা লোৱা কৰিব পাৰে । গাভৰুৰ দৰেই চকীত বহি থাকে আইতাই । চকুৰেও ভালকৈ দেখা পায় । অৱশ্যে এইগৰাকী আইতাই আজিলৈকে পোৱা নাই বৃদ্ধ পেঞ্চন । আইতাই খোজ কাঢ়িব নোৱাৰে যদিও বিশেষ ৰোগ নাই বুলি পৰিয়ালে জানিবলৈ দিছে । হয়তু আইতাৰ বয়সৰ লোক এইখন অসমত খুব কমেই দেখা পোৱা যায় । আইতাই বৰ্তমান কথা বতৰা ভালকৈ পাতিব নোৱাৰে । পৰিয়ালৰ লোকে আইতাৰ বৃদ্ধ পেঞ্চনৰ ব্যৱস্থাৰ বাবে বিভাগীয় পক্ষক অনুৰোধ জনাইছে ।