নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নর্দমাত পত্নীৰ দেহ পেলাই আহি তৃতীয়বাৰ বিয়া

🔹 ছয় সন্তানৰ সন্মুখৰ পৰা অভিযুক্তক গ্রেপ্তাৰ

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : পত্নীক হত্যা কৰি দেহ নর্দমাত পেলাই আহিছিল৷ ঘৰলৈ উভতি কেইদিনমানৰ ভিতৰত আকৌ বিয়াও কৰাইছিল৷ অৱশেষত গ্রেপ্তাৰ কৰা হ’ল সেই যুৱকক৷ ৬ সন্তানৰ সন্মুখৰ পৰাই অভিযুক্তক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ অভিযোগ অনুসৰি, যুৱকজনে বেংগালুৰুত দ্বিতীয় পত্নীক হত্যা কৰি মৃতদেহ নর্দমাত পেলাই থৈ আহিছিল৷ তাৰ পিছত বিহাৰলৈ উভতি আহি তৃতীয়বাৰ বিয়া কৰাইছিল৷ বেংগালুৰুৰ ছার্জাপুৰ থানা অঞ্চলত কিছুদিন পূর্বে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, এই মহিলাৰ নাম ৰুমেশ খাতুন (২২)৷ যোৱা ১১ নৱেম্বৰত স্বামীয়ে মহিলাগৰাকীক হত্যা কৰা বুলি জানিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ মহিলাগৰাকীৰ মৃতদেহ নর্দমাত পোৱা গৈছিল৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, প্রথম পত্নীৰ সৈতে বিচ্ছেদৰ পিছত দ্বিতীয়বাৰ বিয়া কৰাইছিল অভিযুক্তই৷ অভিযুক্তৰ নাম মহম্মদ নাছিম৷ প্রথম পত্নীৰ চাৰি সন্তানৰ উপৰি দ্বিতীয় পত্নীৰ সৈতেও দুই সন্তান আছে নাছিমৰ৷ শেহতীয়াকৈ ৰঙাঘৰৰ বাসিন্দা হ’বলগীয়া হৈছে নাছিম৷

You might also like