মন্ত্ৰী হিচাপে শপতগ্ৰহণ প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, ৰূপেশ গোৱালাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ডিচেম্বৰঃ আজি মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, ৰূপেশ গোৱালাই। এই উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় আড়ম্বৰপূৰ্ণ অনুষ্ঠানত। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই চাৰি বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, ৰূপেশ গোৱালাক নতুন মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ বহু মন্ত্ৰী-বিধায়ক-নেতা উপস্থিত থাকে।