নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকনেৰে চর্চাত চাবুৱাৰ দৰ্পণজ্যোতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন কৰি চর্চাত এগৰাকী ১৩ বছৰীয়া ছাত্ৰ। চাবুৱা এইজন ছাত্ৰই ৩০ মিনিটত অংকন কৰিব পাৰে মুখ্যমন্ত্ৰীৰ ছবি। ছাত্ৰজন চাবুৱা নৌশাদ এণ্ড নাচাৰ বিদ্যালয় ছাত্ৰ দৰ্পণ জ্যোতি বৰা। “যি মূলা বাঢ়ে তাৰ দুপাততে চিন” এই কথাষাৰ যেন প্ৰযোজ্য হৈছে এইগৰাকী কণমানি ছাত্ৰৰ ক্ষেত্ৰত। মাত্ৰ ১৩ বছৰ বয়সতে নিজৰ প্ৰতিভাৰ উমান দিছে চাবুৱাৰ এইগৰাকী প্ৰতিভাৱান ছাত্ৰই। প্ৰচুৰ মেধাসম্পন্ন ছাত্ৰগৰাকীয়ে অধ্যয়নৰ সমান্তৰালকৈ চিত্ৰকলাৰ জৰিয়তে এতিয়া চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা ছবি আঁকিবলৈ ভালপোৱা ১৩ বছৰীয়া কনমাণি ছাত্ৰগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে এখনৰ পিছত এখন সুন্দৰ ছবি। কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে ডিব্ৰুগড় জিলাৰ কণমানিটিয়ে যিকোনো সামগ্ৰী, ব্যক্তিক হুবহু আঁকি দিয়াৰ ক্ষমতা আছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এখনি ফটো চাই চাই হুবহু ৰূপত অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। চাবুৱাৰ এইগৰাকী কণমানি ছাত্ৰই মাত্ৰ আধা ঘণ্টা (৩০) মিনিটতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি অংকন কৰিলে। চাবুৱাৰ দৰিদ্ৰ পৰিয়ালৰ এই কণমানি প্ৰতিভাৱান ছাত্ৰগৰাকীৰ নাম হৈছে দৰ্পণজ্যোতি বৰা। পুলুঙা গাঁৱৰ পুতুল বৰা আৰু দীপাঞ্জলি বৰাৰ সন্তান দৰ্পণে বৰ্তমান চাবুৱাৰ নৌশাদ এণ্ড নাচাৰ পাব্লিক স্কুলত সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখনি প্ৰতিচ্ছবি অংকন কৰি উপহাৰ দিয়াৰ আশাও মনতে পুহি ৰাখিছে দৰ্পণে।

You might also like