পাকিস্তান ক্ৰিকেটৰ প্রশিক্ষক পদ ত্যাগ গিলেস্পিৰ
🔹 নিৰাপত্তাজনিত কাৰণত গিলেস্পিয়ে এৰিলে প্রশিক্ষক পদ !
নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : পাকিস্তান ক্রিকেটত দীর্ঘদিনৰে পৰা অস্থিৰতাই বিৰাজ কৰিছে৷ পুনৰ এবাৰ এনে এক ঘটনা ঘটিছে, যিয়ে পাকিস্তান ক্রিকেটৰ ভিতৰত চলি থকা বিভেদক উদঙাহ দিছে৷ পাকিস্তান ক্রিকেট দলৰ প্রশিক্ষক জেছন গিলেস্পিয়ে শেহতীয়াকৈ প্রশিক্ষক পদৰ পৰা কৰিছে পদত্যাগ৷ ইয়াৰ পূর্বে প্রশিক্ষক গেৰী কার্ষ্টেনেও পাকিস্তান ক্রিকেট দলৰ প্রশিক্ষক পদৰ পৰা পদত্যাগ কৰিছিল৷ খবৰ অনুসৰি, গিলেস্পিয়ে পাকিস্তান টেষ্ট দলৰ প্রশিক্ষক পদৰ পৰা পদত্যাগ কৰে৷ গিলেস্পি আৰু পাকিস্তান ক্রিকেট ব’ৰ্ডৰ মাজত ঘটা মতানৈক্যৰ বাবে এই পদক্ষেপ গ্রহণ কৰে প্রশিক্ষকগৰাকীয়ে৷ এতিয়াৰে পৰা আকিব জাভেদক দলটোৰ সৈতে ৰঙা বলৰ ক্রিকেটতো দেখা যাব৷ ২৬ ডিচেম্বৰৰ পৰা পাকিস্তান ক্রিকেট দলে শ্বান মাছুদৰ অধিনায়কত্বত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্রহণ কৰিব৷ পাকিস্তান ক্রিকেট ব’র্ডে বৃহস্পতিবাৰে ঘোষণা কৰে যে আকিব জাভেদক এতিয়া টেষ্ট ক্রিকেট দলৰ অন্তর্ৱর্তীকালীন প্রশিক্ষক ৰূপে দেখা হ’ব৷ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ সৈতে গিলেস্পিৰ চুক্তি আছিল ২০২৬ চন পর্যন্ত৷ কিন্তু তাৰ পূর্বেই পাকিস্তান টেষ্ট দলৰ প্রশিক্ষকগৰাকীয়ে পদত্যাগ কৰে৷ একাংশই নিৰাপত্তাজনিত কাৰণত গিলেস্পিয়ে প্রশিক্ষক পদ এৰা বুলি সামাজিক মাধ্যমত চৰ্চা চলোৱা বুলি জানিব পৰা গৈছে !