নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁৱৰ মুখ্য কার্যালয়ত ধন লৈ হাতে–লোটে গ্রেপ্তাৰ বিপ্লৱ চক্রৱর্তী

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ এইবাৰ প্রৱঞ্চকৰ ৰূপত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ কর্মচাৰী৷ ৰে’লত চাকৰি দিয়াৰ নামত ধন লোৱাৰ অভিযোগ পাণ্ডুৰ বিপ্লৱ চক্রৱর্তীৰ বিৰুদ্ধে৷ ধন সংগ্রহৰ বাবে ভুৱা নিযুক্তি পত্র প্রস্তুত কৰিছিল উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কার্যালয়ত জ্যেষ্ঠ কেৰাণী ৰূপে কর্মৰত বিপ্লৱ চক্রৱর্তীয়ে৷ ধন সংগ্রহ কৰি গ্রেপ্তাৰ হোৱা পাণ্ডুৰ বিপ্লৱ চক্রৱর্তীক ৰে’লৱে সুৰক্ষা বাহিনীয়ে হাতে–লোটে গ্রেপ্তাৰ কৰে৷ ধৃত বিপ্লৱৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগধ ধন, কেইবাখনো ভুৱা নথি–পত্র, কম্পিউটাৰ, ষ্টাম্প আৰু এটা পেনড্রাইভ৷ সম্প্রতি জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্রক্রিয়া৷ উল্লেখ্য যে দীর্ঘদিনৰ পৰা এনেদৰেই চাকৰি দিয়াৰ নামত ধন সংগ্রহ কৰি আহিছিল বিপ্লৱ চক্রৱর্তীয়ে৷ এই কার্যত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ বহুতো উচ্চ পদস্থ বিষয়া জডিত থকাৰ সন্দেহ প্রকাশ কৰা হৈছে৷ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ধৃত বিপ্লৱ চক্রৱর্তীৰ লগত আৰু কোন কোন জড়িত হৈ আছে৷

You might also like