কোকৰাঝাৰৰ ভাওৰাগুৰিত জল জীৱন মিছনত ব্যাপক দুৰ্নীতি
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : “হৰ ঘৰ জল,হ ৰ ঘৰ নল” শ্লোগাৰে চৰকাৰে ৰূপায়ন কৰা জল জীৱন মিছন আচনিৰ ব্যাপক দুৰ্নীতি পোহৰলৈ আহিছে। ঘৰে ঘৰে বিশুদ্ধ পানীৰ যোগানৰ বাবে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিৰ সাতবিল প্ৰথম খণ্ডত চৰকাৰে অনুমোদন দিয়া জল জীৱন মিছন আচনিত ব্যপক দুৰ্নীতি সংঘটিত হৈছে। প্ৰায় এক কোটি টকাৰ ব্যয়সাপেক্ষে ৰূপায়ন কৰা উক্ত আঁচনিটোত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ জহিৰুল ইছলামৰ বিৰুদ্ধে। ঠিকাদাৰজন জধে-মধে নিম্নমানৰ কাম সম্পন্ন কৰাৰ দুই মাহ অতিক্ৰম নৌহওতেই পানীৰ পাইপ জধে মধে ফাটি ওলায় পানী। ইয়াৰ উপৰি আঁচনিখনত ব্যৱহৃত মেচিনেৰে জধে-মধে পানী ওলাই দুই-এদিনতে নষ্ট হৈ থাকে। ঘৰে ঘৰে লগোৱা নলীসমূহৰো কিছুমান আলাই আথনি হৈ মাটিত বাগৰি আছে। নিম্নমানৰ কাম কৰি চৰকাৰী টকা অসৎ উপায়েৰে আত্মসাত কৰা ঠিকাদাৰ জহিৰুল ইছলামৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবীৰ লগতে আচনিখনৰ ওপৰত উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।
প্ৰেৰক কৃষ্ণ বৰ্মন