সুকন্যাত ৰেচিপি
জুৰি বৰঠাকুৰ
বেঙেনাৰে অমিতাৰ ফুল
উপকৰণ : অমিতাৰ ফুল
১ মুঠি, কণী বেঙেনা ৩/৪টা, সৰু আকাৰৰ আলু ১টা, মাহগুটি, খাজুৰী ২টা, নিমখ, হালধি, গৰম পানী, ফোৰণৰ বাবে তেজপাত, মিঠিগুটি, কালজিৰা, কেঁচা জলকীয়া৷
প্রণালীঃ দীঘল ঠাৰিৰ পৰা অমিতাৰ ফুলবোৰ সৰু সৰু কলিৰে সৈতে ছিঙি ভালদৰে ধুই পানী নিগৰিবলৈ এখন চালনিত থ’লোঁ৷ অমিতা ফুলৰ উক্ত তিতা আঁতৰাবলৈ এটা পাত্রত ফুলবোৰ ডুব যোৱা পানীত নিমখ ১/৪ চামুচমান দি সিজালোঁ আৰু উতলা পানীত সিজি ফুলবোৰ কোমল হোৱাত পানীৰ পৰা টুকি এটা খৰাহীত থ’লোঁ৷ আলু মিহি মিহিকৈ কাটি কণমান নিমখ পানীত তিয়াই ৰাখিলোঁ৷ মাহ গুটিকেইটাও ছেইৰ পৰা উলিয়াই ল’লোঁ৷ অলপ গৰম পানীত খাজুৰীকেইটা তিয়াই গুটি পেলাই সাহখিনি মোহাৰি ল’লোঁ৷ এইবাৰ গৰম কেৰাহীত তেল ঢ়ালি এবিধ এবিধকৈ তেজপাত, মিঠিগুটি, কালজিৰা দি মচলা ফুটিলত কাটি ৰখা আলু দি ভালদৰে লৰাই বেঙেনা আৰু মিথিগুটিও দি একেলগে ভাজিলোঁ৷ নিমখ–হালধিও ওপৰত ছটিয়াই ভালদৰে লৰাই ঢ়াকোন দি থ’লোঁ৷ মাজে মাজে লৰাই চাই আধা ভজা হলত ফুলখিনি ঢ়ালি ভালদৰে লৰাই সিজিবলৈ ঢাকোন দিলোঁ৷ ফুলখিনি মাজে মাজে চাই লৰাই থাকিলোঁ৷ উতলিলত খাজুৰি পানী ঢ়ালি কেঁচা জলকীয়াও দুফালকৈ দি ভালদৰে সিজিবলৈ পুনৰ ঢ়াকোন দিলোঁ৷ ফুলখিনি কুমলি পানী শুকাই ভাজিখন মজিলত চৌকাৰ জুই নুমালোঁ আৰু কিছুসময় গৰম চৌকাতে ৰাখি এটা পাত্রত কাঢ়ি থ’লোঁ৷
মূলাৰে শ’ল মাছ
উপকৰণঃ শ’ল মাছ, আলু, কণী বেঙেনা, কেঁচা মটৰ মাহ, পকা বা কেঁচা জলকীয়া, জিৰা, ধনিয়া, আদা, জালুকৰ গুড়ি, ফোৰণৰ বাবে তেজপাত, ডালচেনি, কালজিৰা, নিমখ, হালধি গৰম পানী৷
প্রণালীঃ শ’ল মাছটো বাছি–কাটি ধুই নিমখ–হালধি আৰু নামমাত্র মিঠাতেল সানি এটা পাত্রত থ’লোঁ৷ মূলা আৰু আলুৰ বাকলি গুচাই ধুই টুকুৰা–টুকুৰকৈ কাটি ল’লোঁ৷ বেঙেনাত ধুই চকলিয়াই নিমখ পানীত কিছুসময় তিয়াই থৈ খাৰ যোৱাত ভাল পানীৰে ধুই টুকি ল’লোঁ৷ জিৰা, ধনিয়া, আদা, হালধি গুড়ি একেলগে পিহি ল’লোঁ৷ এইবাৰ গৰম কেৰাহীত তেল ঢ়ালি মাছখিনি ভাজি ল’লোঁ৷ মাছ ভাজি ৰৈ যোৱা তেলকণতে এবিধ এবিধকৈ তেজপাত, ডালচেনি, কালজিৰা ফোৰণ দি ফুটিলত জিৰা–ধনিয়া আদি বটাও দি হেতাৰে ক্ষন্তেক লৰাই ভাজিবলৈ ঢ়াকোন দিলোঁ৷ অলপ ভজা হলত বেঙেনাও দি লৰাই–চৰাই অনুপানখিনি ভালদৰে মিহলি কৰি সিজিবলৈ ঢ়াকোন দিলোঁ৷ মাজে মাজে ঢাকোন খুলি চাই লৰাই–চৰাই পাচলি ভালদৰে সিজিলত ভজা মাছখিনি দি পুনৰ হেতাৰে লৰাই দিয়াৰ পিছত একেলগে সকলোখিনি মিহলি হৈ কেৰাহীৰ তল শুকাই অহাত প্রয়োজনীয় গৰম পানী ঢ়ালি সিজিবলৈ ঢ়াকোন দিলোঁ৷ উতলিলত পকা জলকীয়া (গুটি গুচোৱা) ওপৰত দুফালকৈ কাটি দিলোঁ৷ সকলোখিনি ভালদৰে সিজি আঞ্জাখন ডাঠ হোৱাত ওপৰত জালুকৰ গুড়ি ছটিয়াই চৌকাৰ জুই নুমাই ক্ষন্তেক গৰম চৌকাতে পাত্রটো তুলি থ’লোঁ৷ মহাপুৰুষ শংকৰদেৱে ধর্মীয় বিষয়ৰ লগতে তেওঁৰ অমূল্য কথা গুৰুচৰিত পুথিত অসমীয়াৰ খাদ্যাভাসৰ বিষয়ে শ’লে–মূলে আৰু মাগুৰে–পালেঙে ৰন্ধা সুস্বাদু ব্যঞ্জনৰ কথা উল্লেখ কৰি গৈছে৷