নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্কটৰ প্রতিষেধক টিকা

মানৱ জাতিৰ লগতে প্রাণী জগতৰ বাবে ঘাতক হিচাপে চিহ্ণিত হৈ আহিছে মাৰণ ব্যাধি কর্কট৷ দুৰাৰোগ্য কর্কট ৰোগৰ পৰা মুক্তিৰ দৰব আজিলৈকে চিকিৎসা বিজ্ঞানীসকলে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই৷ এই ৰোগৰ পৰা কিছু আৰোগ্য লাভ কৰিলেও সম্পূর্ণ ৰোগমুক্ত হ’ব পৰাকৈ ৰোগীক চিকিৎসা বিজ্ঞানে আজিলৈকে পথ দেখুৱাব পৰা নাই৷ গতিকে কর্কট এতিয়াও মানৱ জাতিৰ বাবে ঘাতক ব্যাধি হিচাপে চিহ্ণিত হৈ আহিছে৷ ইয়াৰ মাজতে ৰাছিয়াই দাবী কৰিছে যে দেশখনৰ চিকিৎসা বিজ্ঞানীসকলে শতাব্দীৰ ‘শ্রেষ্ঠতম’ আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে৷ চিকিৎসা বিজ্ঞানীসকলৰ এই মহাৱিষ্কাৰক প্রশংসা কৰি ক্রেমলিন প্রশাসনে ঘোষণা কৰিছে যে আগন্তুক বর্ষৰ আৰম্ভণিৰে পৰা ৰাছিয়াত জনসাধাৰণক বিনামূলীয়াকৈ প্রদান কৰা হ’ব কর্কটৰ প্রতিষেধক টিকা৷ ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলে কর্কট ৰোগৰ প্রতিষেধক ভেকচিন বা টিকা প্রস্তুত কৰি উলিওৱা বুলি দাবী কৰিছে ৰাছিয়াই৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে দাবী কৰিছিল যে দেশখনৰ চিকিৎসা বিজ্ঞানীসকলে শীঘ্রেই কর্কটৰ প্রতিষেধক টিকা উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব৷ শেহতীয়াকৈ ৰাছিয়াৰ স্বাস্থ্য মন্ত্রালয়ৰ অধীনৰ ৰেডিঅ’ল’জী মেডিকেল ৰিছার্চ চেণ্টাৰৰ এগৰাকী শীর্ষ বিষয়াই এই দাবী কৰিছে যে আগন্তুক বর্ষৰ আৰম্ভণিৰে পৰা দেশবাসীয়ে বিনামূলীয়াকৈ কর্কটৰ প্রতিষেধক টিকা গ্রহণ কৰিব পাৰিব৷ ‘ৰেডি ৰ’ছিয়া’ৰ সৈতে হোৱা সাক্ষাৎকাৰত সংস্থাটোৰ সঞ্চালকপ্রধান আন্দ্রে কাপ্রিনে দাবী কৰিছে যে ইতিমধ্যে মাৰণ ৰোগৰ প্রতিষেধক টিকা প্রস্তুত কৰা হৈছে৷ এই টিকা বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব৷ ২০২৫ৰ আৰম্ভণিতে টিকা প্রদান কার্যসূচী আৰম্ভ কৰিব ৰাছিয়াৰ স্বাস্থ্য বিভাগে৷ ইফালে, গামালেয়া নেচনেল ৰিছার্চ চেণ্টাৰৰ শীর্ষ বিষয়ববীয়া আলেকজেণ্ডাৰ গ্রিন্সবার্গে দাবী কৰিছে যে কর্কটৰ ভেকচিনৰ প্রি–ক্লিনিকেল ট্রায়েল ইতিমধ্যে সম্পূর্ণ কৰা হৈছে৷ এই পৰীক্ষাত দেখিবলৈ পোৱা গৈছে টিউমাৰৰ বৃদ্ধি আৰু মেটাষ্টেছ অর্থাৎ কর্কটৰ প্রসাৰত প্রতিৰোধ লগাব পাৰে ভেকচিনবিধে৷
দুয়োগৰাকী বিশেষজ্ঞই এই দাবী কৰাৰ লগে লগে ৰাষ্ট্রপতি পুটিনে প্রায় এবছৰ পূর্বে কৰা দাবী সঁচা বুলি প্রমাণিত হৈছে৷ পুটিনে দাবী কৰিছিল যে কর্কট প্রতিষেধক টিকা প্রস্তুতৰ একেবাৰে চৰম সীমালৈ গৈছে ৰুছ বিজ্ঞানীসকল৷ এইবাৰ ৰাছিয়াৰ চৰকাৰী সূত্রই পুটিনৰ দাবী সত্য বুলি মানি ল’বলৈ বিশ্ববাসীক বাধ্য কৰাইছে৷ ইয়াৰ লগতে ৰুছ বিজ্ঞানীসকলে এই দাবীও কৰিছে যে এআই বা কৃত্রিম মেধা সম্পর্কীয় গৱেষণা এনে পর্যায়লৈ গৈছে যে এঘণ্টাৰ ভিতৰতে কর্কট প্রতিষেধক টিকা প্রস্তুত কৰাটো বিজ্ঞানীসকলৰ বাবে সম্ভৱ হৈ পৰিছে৷ লক্ষণীয়ভাৱে এই টিকা গ্রহণ কৰি ৰোগীৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পাব৷ অর্থাৎ ৰোগ প্রতিৰোধী কোষবোৰৰ ক্ষমতা বঢ়াব এই টিকাই৷ কর্কট কোষবোৰ চিহ্ণিত কৰি তাক ধ্বংসৰ প্রক্রিয়া আৰম্ভ কৰিব এই প্রতিষেধক টিকাই৷ ইয়াৰ উপৰি শৰীৰত প্রচুৰ পৰিমাণে সৃষ্টি কৰিব এণ্টিব’ডী৷ সমগ্র বিশ্ব মাৰণ ব্যাধিক লৈ বিচলিত হৈ থকাৰ সময়তে ৰাছিয়াৰ এই খবৰে নিঃসন্দেহে আশাৰ বার্তা কঢ়িয়াই আনিছে৷ লক্ষণীয়ভাৱে কর্কটক লৈ শেহতীয়াকৈ আমেৰিকা আৰু ব্রিটেইনৰ চিকিৎসা বিজ্ঞানীসকলে গৱেষণা আগবঢ়াবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ লণ্ডনৰ নর্থ ৱেষ্টার্ন মেডিচিন কেনিং থোৰাচিক ইনষ্টিটিউটে কর্কট সম্পর্কীয় গৱেষণাত অভূতপূর্ব সাফল্য লাভ কৰা বুলি দাবী কৰিছে৷ শেহতীয়াকৈ এক চিকিৎসা জার্নালত এই সন্দর্ভত সবিশেষ তথ্য প্রকাশ পাইছে৷ তথ্য অনুসৰি যিবোৰ টিউমাৰৰ পৰা কর্কট আক্রান্ত হোৱাৰ সম্ভাৱনা প্রবল, সেইবোৰ ৰোগীৰ প্রতিৰোধ ক্ষমতা বিস্ময়কৰভাৱে বৃদ্ধি কৰিছে ক’ৰোনা ভাইৰাছে৷ ইতিমধ্যে ব্রিটেইনৰ বিজ্ঞানীসকলে ক্লিনিকেল পৰীক্ষা আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে ৰাছিয়াই কর্কটৰ প্রতিষেধক ভেকচিন দেশবাসীক আগন্তুক বর্ষৰ আৰম্ভণিৰে পৰা বিনামূলীয়াকৈ প্রদান কৰিব বুলি ঘোষণা কৰাৰ লগে লগে বিশ্বজুৰি বিষয়টোক লৈ চর্চা চলিছে৷

You might also like