চেম্পিয়নছ ট্রফীৰ টীম ইণ্ডিয়াৰ মেচ ডুবাইত
🔹 বিচিচিআইৰ সন্মুখত নতশিৰ পাকিস্তান ক্রিকেট ব’র্ড
নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : চেম্পিয়নছ ট্ৰফী সন্দর্ভত দীর্ঘদিনীয়া বিবাদৰ অন্তত অৱশেষত ঐকমত্যত উপনীত হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড আৰু পাকিস্তান ক্রিকেট ব’ৰ্ড৷ দুয়ো দেশৰ ক্রিকেট ব’র্ডে অৱশেষত বিবাদ দূৰ কৰি আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্রিড মডেল সন্দর্ভত সহমত প্রকাশ কৰিছে৷ বিচিচিআই আৰু পিচিবিৰ সহমতৰ পিছত এতিয়া আইচিচিয়েও প্রতিযোগিতাখনত ভাৰতৰ মেচৰ বাবে নিৰপেক্ষ স্থান ঘোষণা কৰিছে৷ অৱশ্যে প্রতিযোগিতাখনৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই৷ স্থান নির্ণয়ৰ পিছত এতিয়া চেম্পিয়নছ ট্ৰফীৰ সূচীও শীঘ্রেই প্রকাশ পাব বুলি অনুমান কৰা হৈছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, চেম্পিয়নছ ট্ৰফীৰ নিৰপেক্ষ স্থানৰ বাবে ডুবাইৰ নাম অনুমোদন কৰা হৈছে৷ বিচিচিআয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্রিড মডেলৰ দাবী উত্থাপন কৰাৰ সময়ৰ পৰাই ডুবাইক নিৰপেক্ষ স্থান হিচাপে নির্বাচন কৰাৰ প্রস্তাৱ দি আহিছিল৷ ইউএইৰ এই চহৰখনক বিচিচিআইৰ প্রথম পছন্দ বুলি কোৱা হৈছিল৷ কিন্তু সেই সময়ত পাকিস্তানী ব’র্ডে হাইব্রিড মডেলৰ বাবে সন্মতি প্রকাশ কৰা নাছিল৷ কিন্তু কেইবা সপ্তাহ ধৰি চলা আলোচনাৰ অন্তত অৱশেষত চর্তসাপেক্ষে হাইব্রিড মডেলত প্রতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্রত সন্মত হয় পিচিবি৷ হাইব্রিড মডেলত সন্মতি প্রকাশ কৰিলেও নিৰপেক্ষ স্থানৰ বাবে বিচিচিআইৰ ডুবাইৰ প্রস্তাৱৰ পৰিৱর্তে পিচিবিয়ে শ্রীলংকাৰ কলম্বোৰ নাম প্রস্তাৱ কৰা বুলি খবৰ প্রকাশ পাইছিল৷ অৱশ্যে এতিয়া স্থান সম্বন্ধীয় এই দ্বিমতৰো সমাধান হৈছে আৰু পিচিবিয়ে ডুবাইত টীম ইণ্ডিয়াৰ মেচ আয়োজনৰ সন্মতি প্রকাশ কৰিছে৷ পিচিবিয়ে এমিৰেটছ ক্রিকেট ব’ৰ্ডৰ সৈতে প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে চুক্তিত উপনীত হৈছে আৰু ডুবাইক নিৰপেক্ষ স্থান হিচাপে গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ এমিৰেটছ ক্রিকেট ব’ৰ্ডৰ মুৰব্বী শ্বেইখ নাহিয়ান আল মুবাৰকৰ সৈতে আলোচনাৰ অন্তত পাকিস্তান ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিয়ে এইক্ষেত্রত অনুমোদন জনাইছে বুলি প্রতিবেদনত প্রকাশ পাইছে৷ নিৰপেক্ষ স্থান সন্দর্ভত দুয়ো ব’র্ডে সমর্থন প্রকাশ কৰাৰ পিছত এতিয়া প্রতিযোগিতাখনৰ সূচীও শীঘ্রেই ঘোষণা কৰিব পৰা যাব বুলি অনুমান কৰা হৈছে৷ উল্লেখ্য যে ১৯ ফেব্রুৱাৰীৰ পৰা এই প্রতিযোগিতাখন আৰম্ভ হ’ব আৰু ৯ মার্চত ফাইনেল মেচ অনুষ্ঠিত হ’ব৷ ড্রাফ্ট সূচী অনুসৰি, ৮টা দলৰ প্রতিযোগিতাখনত ভাৰত, পাকিস্তান, নিউজিলেণ্ড আৰু বাংলাদেশ একেটা গ্রুপতে আছে৷ এতিয়া ভাৰতীয় দলে ডুবাইত এই তিনিটা দলৰ বিৰুদ্ধে গ্রুপ মেচ খেলিব৷ ইফালে, ভাৰতীয় দলে যদি নকআউট ৰাউণ্ডত প্রৱেশ কৰে তেন্তে ডুবাইত প্রতিযোগিতাখনৰ ছেমিফাইনেল মেচ এখনো অনুষ্ঠিত হ’ব৷ একেদৰে ভাৰতীয় দল ফাইনেলত প্রৱেশ কৰিলে খিতাপ যুঁজৰ এই মেচখনো ডুবাই চহৰতে অনুষ্ঠিত হ’ব৷ অৱশ্যে যদি ভাৰতীয় দল ফাইনেলত প্রৱেশত ব্যর্থ হয়, তেতিয়া পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হ’ব ফাইনেল মেচখন৷ দীৰ্ঘদিনীয়া বিবাদৰ অন্তত বিচিচিআইৰ সন্মুখত নতশিৰ পাকিস্তান ক্রিকেট ব’র্ড বুলি এতিয়া ক্ৰিকেটপ্ৰেমীয়ে মন্তব্য কৰা শুনা গৈছে।