নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ! চলন্ত বাছত জুই; কথমপি ৰক্ষা ২৬ জনকৈ যাত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ হায়দৰাবাদৰ আৰ চি পুৰাম অঞ্চলত আজি পুৱাই জ্বলি উঠিল এখন চলন্ত যাত্ৰীবাহী বাছ । এই অগ্নিকাণ্ডটো শ্ব’ৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে চলন্ত বাছখনৰ পৰা কথমপি ৰক্ষা পৰে বাছখনত থকা ২৬ জনকৈ যাত্ৰী । অৱশ্যে পাছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাছখনৰ জুই নিৰ্বাপন কৰে ।

ইপিনে ৰাষ্ট্ৰীয় ঘাইপথতে হোৱা এই অগ্নিকাণ্ডৰ ফলত প্ৰায় বহু সময় ধৰি ঘাইপথটো আবদ্ধ হৈ পৰে ।

You might also like