‘চাৰিকড়ীয়াৰ কবি’ শিৱপ্ৰসাদ গগৈৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰী : বিশিষ্ট কবি, শিক্ষাবিদ, ঢকুৱাখনা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ তথা ঢকুৱাখনাৰ বৌদ্ধিক-সংস্কৃতিক জগতৰ ভোটতৰা শিৱপ্ৰসাদ গগৈৰ মঙলবাৰে নিশা প্ৰায় ৮-১৫ বজাত ঢকুৱাখনা নগৰস্থিত বালিগাঁৱস্থিত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। ১৯৪৪ চনত শিৱসাগৰ জিলাৰ চেলেংহাত বৰ-নগঞা গাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত গগৈয়ে ১৯৬৭ চনত ঢকুৱাখনা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাবে যোগদান কৰি অৱশেষত ১৯৯০ চনৰ পৰা ২০০৪ চনলৈ অধ্যক্ষৰ গুৰু দায়িত্ব গ্ৰহণ কৰি অৱসৰ গ্ৰহন কৰে। উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সময়ত আন বহুজন ত্যাগী শিক্ষানুৰাগীৰ লগত শিৱপ্ৰসাদ গগৈয়েও হুঁচৰি গাই ,শ্ৰম দান কৰি শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব লৈয়ে বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে বিজ্ঞান মানসিকতা গঢ় দিয়াৰ লক্ষ্যৰে ১৯৮৯ চনত তেওঁ মহাবিদ্যালয়খনত বিজ্ঞান শাখা সংযোগ কৰে। ২০২৪ চনত নাকৰ মূল্যায়নত ‘এ’ গ্ৰেড লাভ কৰা আৰু বৰ্তমান ইউ জি চিয়ে স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি দিয়া ঢকুৱাখনা মহাবিদ্যালয়ৰ উত্তৰণৰ জুমুঠি প্ৰকৃতাৰ্থত গগৈৰ দিনতে নিৰ্মিত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ শিৱসাগৰৰ চেলেংহাটৰ পৰা ঢকুৱাখনা মহাবিদ্যালয়ত যোগদান কৰা গগৈয়ে সমগ্ৰ কৰ্মজীৱন ঢকুৱাখনাতে সম্পূৰ্ণ কৰি নিজকে ঢকুৱাখনাৰ সমাজ জীৱনত মিলাই দি ঢকুৱাখনাতে স্থায়ীভাৱে বাস কৰিছিল। ঢকুৱাখনাৰ বহু শিক্ষানুষ্ঠান আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠাত তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব। গগৈৰ বিয়োগৰ বাতৰিয়ে সমগ্রঢকুৱাখনাতে শোকৰ ছাঁ পেলাইছে।ঢকুৱাখনা শাখা সাহিত্য সভা,ফাটবিহু সমিতি, নাট্য শাখা সন্মিলন,কবি সমাজ,গণতান্ত্ৰিক সাহিত্য মঞ্চ, চেকুলাৰ ফৰাম অসম,উত্তৰ পূব ভাৰত কবিতা পৰিষদ অসমৰ সভাপতি পদ অলংকৃত কৰিছিল। তদুপৰি বৃহত্তৰ ঢকুৱাখনাৰ সংবাদ কৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান স্মৰণীয়। মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ উপৰিও তেওঁ সাহিত্য প্ৰেমী ৰাইজৰ মাজত এজন বিশিষ্ট কবি আৰু প্ৰৱন্ধকাৰ হিচাপে পৰিচিত আছিল। ‘চাৰিকড়ীয়াৰ কবি’ৰূপে খ্যাত শিৱপ্ৰসাদ গগৈয়ে ‘ৰতনপুৰৰ নিচুকণি মায়া’, ‘এজাক বাখৰুৱা বৰষুণ, ‘তেজত ফুলা দিন’, ‘জিকমিক সময় পখিলা’ আদি তেখেতৰ অন্যতম কাব্য সংকলন।কাব্য চৰ্চাৰ সমান্তৰাল ভাৱে গগৈয়ে নাট্য সাহিত্যৰ লগতে অভিনয় ক্ষেত্ৰখনলৈকো জীপাল অৱদান আগবঢ়াই গৈছে। তেওঁ আচামী দুই নম্বৰী আৰু মিৰিজীয়ৰী নামৰ দুখনকৈ নাটকো ৰচনা কৰিছিল। আজি প্ৰয়াত গগৈৰ নশ্বৰদেহ প্ৰথমে ঢকুৱাখনা মহাবিদ্যালয়লৈ নি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে ঐতিয্যমণ্ডিত ফাটবিহুতলী আৰু প্ৰেছ গীল্ড, ঢকুৱাখনাত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছত তেওঁৰ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত ঢকুৱাখনা ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত সহধৰ্মিনী অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি, ৰাষ্ট্ৰীয় কৃতি শিক্ষয়িত্ৰী পুষ্পা গগৈ আৰু দুই পুত্ৰ-বধু, নাতি আৰু ইষ্ট কুটুমক এৰি যায়। প্ৰবীণ শিক্ষাবিদ, কবি আৰু সাংস্কৃতিক কৰ্মীগৰাকীৰ বিয়োগত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা,প্ৰেছ গীল্ড,ঢকুৱাখনা, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গ, ঢকুৱাখনা উপ-জিলা প্ৰশাসন, মেগামিক্স প্ৰকৃতি সংঘ, ফাটবিহু সমিতি, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা, তাই-সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰকে আদি কৰি বহু অনুষ্ঠান প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰি বিদেহ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে।
প্ৰেৰক পুলকজ্যোতি বৰা