বিগত দুমাহে মঙলদৈৰ ডেকাৰগাঁৱত গৰু চোৰৰ সন্ত্ৰাস
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জানুৱাৰীঃ যোৱা প্ৰায় দুমাহ ধৰি মঙলদৈৰ সমীপৰ ডেকাৰগাঁও নামৰ গাঁওখনৰ ওচৰে পাজৰে গৰু চোৰৰ এটা দলে সন্ত্ৰাস চলাই আহিছে। বিশেষকৈ ইনোভা, ব্ৰিজা, ছুইফ্ট ডিজেযাৰকে ধৰি বিভিন্ন বিলাসী বাহন ব্যৱহাৰ কৰি গাঁওখনৰ পৰা যথেষ্ঠসংখ্যক গৰু ছাগলী চোৰ কৰি লৈ গৈছে। গৰু চোৰৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওবাসীয়ে পহৰাৰ ব্যৱস্থাও কৰিছে। তথাপি গৰু চোৰে ন ন কৌশলেৰে চুৰি কাৰ্য সংঘটিত কৰিয়েই আছে। ইয়াৰ মাজতে স্থানীয় লোক সকলে সন্দেহজনক অৱস্থাত থকা AS 25 S 8296 নম্বৰৰ এখন ছুইফ্ট ডিজেয়াৰ বাহন নিশাই জব্দ কৰি মঙলদৈ আৰক্ষীক গতাই দিয়ে। অৱশ্যে গাড়ীখনত থকা চালক মহৰ আলীক কৰায়ত্ত কৰে। মহৰৰ ঘৰ মুকালমুৱাত। অন্য চোৰ কেইজন পলাই যাবলৈ সক্ষম হয়। দিনৰ ভাগত দিন হাজিৰা কৰি নিশা পুনৰ গৰু চোৰক পহৰা দিবলগীয়া হোৱাত লোকসকল যথেষ্ঠ অসুবিধাত পৰিছে। সেয়েহে আৰক্ষীৰ টহলদাৰীৰ ব্যৱস্থা কটকটীয়া কৰিবলৈ বিনম্র অনুৰোধ জনাইছে ৰাইজে।