পিএছএ–গৃহবন্দিত্বৰ্ পৰা মুক্তি ফাৰুক আব্দুল্লাৰ
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে বলৱৎ কৰা ৰাজহুৱা নিৰাপত্তা আইন (পি এছ এ) শুকুৰবাৰে প্রত্যাহাৰ কৰিছে কেন্দ্রীয়শাসিত ৰাজ্যখনৰ প্রশাসনে৷ ৰাজহুৱা নিৰাপত্তা আইন প্রত্যাহাৰ কৰাৰ উপৰি গৃহবন্দিত্বৰ পৰা মুক্তি দিয়াও হৈছে নেচনেল কনফাৰেন্সৰ (এন চি) মুৰব্বী আব্দুল্লাক৷ পাঁচটাকৈ কার্যকালৰ বাবে জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্রীৰ দায়িত্ব পালন কৰা ফাৰুক আব্দুল্লাই পি এছ এ তথা গৃহবন্দিত্বৰ পৰা মুক্তি লাভ কৰাৰ পাছত সংসদৰ অধিৱেশনত অংশগ্রহণ কৰিবলৈ সক্ষম হ’ব৷ চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি আগন্তুক ১৬ মার্চৰ পৰা সংসদৰ অধিৱেশনত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিব কাশ্মীৰ উপত্যকাৰ বর্ষীয়ান ৰাজনীতিকগৰাকীয়ে৷ উল্লেখনীয় যে জম্মু–কাশ্মীৰৰ গৃহ সচিবে এক নির্দেশযোগে ১৭ ছেপ্ঢেম্বৰত আব্দুল্লাৰ বিৰুদ্ধে বলৱৎ কৰিছিল ৰাজহুৱা নিৰাপত্তা আইন৷