নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : চলচ্চিত্র-মঞ্চৰ অভিনেত্রী মলয়া গোস্বামীৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪
ফটো : দিব্যজ্যোতি ৰাভা

অসমীয়া চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেত্রী মলয়া গোস্বামী ৰাষ্ট্রীয় পর্যায়ত সন্মান অর্জন কৰা উত্তৰ-পূর্বাঞ্চলৰ প্রথমগৰাকী মহিলা৷ ১৯৯২ চনত তেওঁ জাহ্নু বৰুৱা পৰিচালিত ‘ফিৰিঙতি’ চলচ্চিত্রত অভিনয় কৰি শ্রেষ্ঠ অভিনেত্রীৰ ৰাষ্ট্রীয় চলচ্চিত্র বঁটা লাভ কৰিছিল৷ ডিব্রুগড় জিলাৰ ৰাজখোৱা পৰিয়ালত জন্মগ্রহণ কৰা মলয়া গোস্বামী এগৰাকী সু–অধ্যাপিকা হিচাপেও পৰিচিত৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা গোস্বামীয়ে জাগীৰোড মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে কার্যনির্বাহ কৰিছিল৷ ‘অগ্নিস্নান’ নামৰ সফল চলচ্চিত্রখনৰ জৰিয়তে ছবিজগতত পদার্পণ কৰা গোস্বামীয়ে কণিকাৰ ৰামধেনু, ফিৰিঙতি আদি ছবিৰ জৰিয়তে দর্শকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়৷ এইগৰাকী স্বনামধন্য অভিনেত্রী আৰু শিক্ষাবিদৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–

আপোনাৰ জন্মস্থান, শৈশৱ আৰু স্কুলীয়া জীৱন সম্পর্কে জনাব নেকি?
মোৰ জন্মস্থান শিৱসাগৰত যদিও দেউতাৰ চাকৰিৰ বাবে নগাঁৱতে শৈশৱ অতিবাহিত কৰিছোঁ৷ মোৰ দেউতা কৈলাস চন্দ্র ৰাজখোৱা আৰু মাৰ নাম পুতলী ৰাজখোৱা৷ দেউতাই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত চাকৰি কৰিছিল৷ নগাঁৱত কটোৱা শৈশৱৰ বহু আনন্দময় মুহূর্ত এতিয়াও মনত সজীৱ হৈ আছে৷ অৱশ্যে মই হাইস্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ গুৱাহাটীত৷ গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই হাইস্কুলীয়া শিক্ষা সম্পূর্ণ কৰিছিলোঁ৷ ইয়াৰ পিছতে মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰোঁ৷ পৰৱর্তী সময়ত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্রী সম্পূর্ণ কৰোঁ৷

এগৰাকী সুদক্ষ অভিনেত্রী হিচাপে আপুনি অসমৰ চৌদিশে সমাদৃত হৈছে৷ আপুনি শৈশৱতে অভিনেত্রী হোৱাৰ সপোন দেখিছিল নেকি?
মই অভিনেত্রী হোৱাৰ কথা কেতিয়াও ভবা নাছিলোঁ৷ ঘটনাক্রমেহে মই অভিনয় জগতখনত সোমাই পৰিছিলোঁ৷ আচলতে মই এগৰাকী চিকিৎসক হোৱাৰ সপোনহে দেখিছিলোঁ শৈশৱতে৷ স্কুলত পঢ়ি থাকোঁতে মনৰ আনন্দতে দুই–এখন নাটকত অভিনয় কৰিছিলোঁ যদিও অভিনেত্রী হোৱাৰ কথা মনলৈ অহা নাছিল৷ অৱশ্যে সন্দিকৈ কলেজত পঢ়ি থকা সময়ত স্নাতক শ্রেণীত পঢ়ি থকা সময়ত মহাবিদ্যালয় সপ্তাহত অন্য ছাত্রীসকলৰ সৈতে নাটকত অভিনয় কৰিছিলোঁ৷ সেই সময়তে মোৰ অভিনয় দক্ষতা বহুতৰে দৃষ্টিগোচৰ হৈছিল৷ হয়তো মোৰ মাজত সোমাই থকা অভিনয় প্রতিভা সেই নাটকসমূহৰ অভিনয়ৰ মাজেদি পৰিস্ফুট হৈ পৰিছিল৷ সন্দিকৈ কলেজত পঢ়ি থকা সময়ত মই একেৰাহে দুবাৰ শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছিলোঁ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তো দুই–এখন নাটকত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷

আপুনি চলচ্চিত্রৰ লগতে মঞ্চ জগততো অভিনয় কৰি দর্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে৷ আপোনালৈ প্রথম অভিনয়ৰ প্রস্তাৱ কেনেকৈ আহিছিল?
মই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে নিউ আর্ট প্লেয়ার্ছৰ তৰফৰ পৰা এখন পূর্ণাংগ নাটকত অভিনয়ৰ প্রস্তাৱ আহিছিল৷ এই প্রস্তাৱ আকস্মিকভাৱেই আহিছিল৷ হয়তো মঞ্চত মোৰ অভিনয় প্রত্যক্ষ কৰি এইদৰে অভিনয় কৰিবলৈ আমন্ত্রণ জনোৱা হৈছিল৷ এই প্রস্তাৱ গ্রহণ কৰি মই মোহন ৰাকেশৰ এখন বিখ্যাত হিন্দী নাটক ‘আষাৰ কা এক দিন’ৰ অসমীয়া ৰূপান্তৰ ‘উপেক্ষিতা মল্লিকা’ত অভিনয় কৰিছিলোঁ৷ দর্শকে নাটকখন উপভোগ কৰি আপ্লুত হোৱা বুলি জানিব পাৰিছিলোঁ৷ এই নাটকখন পৰিচালনা কৰিছিল প্রখ্যাত নাট পৰিচালক দেৱ কুমাৰ নাথে৷ প্রখ্যাত অভিনেত্রী বীণা প্রসাদ, অভিনেতা নিৰেন বৰুৱা আদিৰ লগতে বহুকেইগৰাকী খ্যাতনামা অভিনেতা–অভিনেত্রীয়ে এই নাটকখনত অভিনয় কৰিছিল৷ এইসকল শিল্পীৰ সান্নিধ্যই মোক অভিনয়ৰ প্রতি আকর্ষিত কৰি তুলিছিল৷ ইয়াৰ পিছত বহু মঞ্চত বিভিন্ন নাটকত মই অভিনয় কৰি ৰাইজৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছিলোঁ৷

অসমীয়া চলচ্চিত্রত কৰা অভিনয়ৰ বাবে আপুনি ৰাষ্ট্রীয় পুৰস্কাৰো লাভ কৰিছে৷ ছবিত অভিনয়ৰ প্রথম সুযোগ কিদৰে আহিছিল?
প্রখ্যাত সাহিত্যিক, নাট্যকাৰ, ছবি পৰিচালক ড০ ভবেন্দ্রনাথ শইকীয়া ছাৰ ‘অগ্ণিস্নান’ নামৰ ছবিখনৰ ‘মেনকা’ নামৰ চৰিত্রটোৰ বাবে এগৰাকী অভিনেত্রীৰ সন্ধানত নামি পৰিছিল৷ প্রান্তিক আলোচনীত ধাৰাবাহিকভাৱে প্রকাশিত ‘অন্তৰীপ’ নামৰ উপন্যাসখনৰ চলচ্চিত্র ৰূপ দিবলৈ আগবাঢ়িছিল ড০ শইকীয়া ছাৰে৷ সেই সময়ত উপন্যাসখন পাঠকৰ মাজত অতিশয় জনপ্রিয় হৈ পৰিছিল৷ ‘অন্তৰীপ’ৰ প্রতিটো খণ্ড পঢ়িবলৈ প্রান্তিকৰ পাঠকসকল উৎসুক হৈ আছিল৷ উপন্যাসখন প্রকাশৰ কেইবাবছৰ পিছত সেইখন তেওঁ চলচ্চিত্রৰ ৰূপ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ছবিখন নির্মাণৰ পূর্বে ‘মেনকা’ নামৰ চৰিত্রটোৰ বাবে তেওঁ এগৰাকী অভিনেত্রী বিচাৰি আছিল৷ আনকি অভিনেত্রী বিচাৰি ‘প্রান্তিক’ত বিজ্ঞাপনো দিয়া হৈছিল৷ এদিন লোকেচন চাবলৈ যাওঁতে জাগীৰোডত আমাৰ ঘৰত সোমাইছিল শইকীয়া ছাৰ৷ চৰিত্রটোত অভিনয়ৰ বাবে তেওঁ মোৰ কথাই ভাবিছিল আৰু মোক অভিনয়ৰ প্রস্তাৱ আগবঢ়াইছিল৷ কেতিয়াও ছবিত অভিনয় কৰাৰ কথা নভবা বাবেই মই এই প্রস্তাৱৰ প্রতি সন্মতি জনাবলৈ কিছু সময় বিচাৰিছিলোঁ৷ অৱশেষত পৰিয়ালৰ সকলো সদস্যৰ স’তে আলোচনা কৰি আৰু প্রত্যেকৰে সমর্থন লাভ কৰাৰ পিছত ‘অগ্ণিস্নান’ ছবিত অভিনয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিলোঁ৷ শইকীয়া ছাৰে প্রথমে মোক ‘প্রান্তিক’ত প্রকাশিত ‘অন্তৰীপ’ উপন্যাসখন ভালদৰে পঢ়িবলৈ দিছিল আৰু তাৰ পিছতহে চিত্রনাট্য মোৰ হাতত তুলি দিছিল৷ মেনকা চৰিত্রৰ বাবে মোক ড০ শইকীয়াই শাৰীৰিক আৰু মানসিকভাৱে সম্পূর্ণৰূপে সাজু কৰি তোলাৰ পিছত ছবি নির্মাণৰ কাম আৰম্ভ কৰে৷ ১৯৮৫ চনত মুক্তি লাভ কৰা ‘অগ্ণিস্নান’ ছবিখনেও ‘অন্তৰীপ’ উপন্যাসৰ দৰেই বিপুল জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হয়৷ এই ছবিখনেৰে ড০ ভবেন্দ্রনাথ শইকীয়াই ৰাষ্ট্রীয় পর্যায়ত শ্রেষ্ঠ চিত্রনাট্যৰ সন্মান লাভ কৰে৷ তদুপৰি জীৱনৰ প্রথমখন চলচ্চিত্রত অভিনয় কৰি মই শ্রেষ্ঠ অভিনেত্রীৰ দৌৰত থাকিবলৈ সক্ষম হৈছিলোঁ৷ ছবিখনৰ কাহিনী আৰু ইয়াৰ গভীৰ বার্তাৰ বাবেই ‘অগ্নিস্নান’–এ দেশ–বিদেশত সমাদৃত আৰু চর্চিত হৈছিল৷ এই ছবিখনে মোক অভিনেত্রী হিচাপে এক নতুন পৰিচয় প্রদান কৰিলে৷

জীৱনৰ প্রথমখন চলচ্চিত্রত অভিনয় কৰি আপুনি দর্শকৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পৰৱর্তী সময়ত আপুনি নিশ্চিতভাৱে বহু ছবিত অভিনয়ৰ প্রস্তাৱ লাভ কৰিছিল৷ এই বিষয়ে কওকচোন?
‘অগ্নিস্নান’ৰ সফলতাৰ পিছত মই একাধিক ছবিত অভিনয়ৰ সুযোগ পাইছিলোঁ৷ ইয়াৰ পৰৱর্তী সময়ত মই ‘মা’ আৰু ‘ফিৰিঙতি’ নামৰ ছবি দুখনত অভিনয় কৰিছিলোঁ৷ বিশিষ্ট ছবি পৰিচালক জাহ্নু বৰুৱা পৰিচালিত ‘ফিৰিঙতি’ ছবিত কৰা অভিনয়ৰ বাবে মই ৰাষ্ট্রীয় পর্যায়ত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰোঁ৷ ইয়াৰ পিছতো মই বহু ছবিত অভিনয়ৰ বাবে আমন্ত্রণ পাইছিলোঁ যদিও শিক্ষকতা চাকৰিৰ ব্যস্ততাৰ কাৰণে বহু প্রস্তাৱ প্রত্যাখ্যান কৰিবলগীয়া হৈছিল৷ অৱশ্যে ইয়াৰ মাজতে মই ছবিৰ কাহিনীৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি কেইবাখনো ছবিত অভিনয় কৰিছোঁ৷

আপুনি অভিনয় কৰা প্রতিখন ছবিয়ে দর্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আপোনাৰ দ্বাৰা অভিনীত উল্লেখযোগ্য ছবিসমূহ কি কি?
মই অভিনয় কৰাৰ পূর্বে ছবিৰ কাহিনী আৰু চিত্রনাট্য ভালদৰে পঢ়ি লওঁ অথবা জানি লওঁ৷ সেইবাবে ছবিসমূহে দর্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়৷ আগতেও উল্লেখ কৰিছোঁ যে ‘অগ্ণিস্নান’ আৰু ‘ফিৰিঙতি’ৰ সফলতাৰ পিছত মই বহু ছবিত অভিনয়ৰ প্রস্তাৱ লাভ কৰিছিলোঁ৷ ইয়াৰ মাজৰে কিছুসংখ্যক ছবিত মই অভিনয় কৰাৰ সন্মতি দিছিলোঁ৷ মই কৰা কেইখনমান উল্লেখযোগ্য ছবি হৈছে মুনীন বৰুৱাৰ ‘ৰং’, জাহ্নু বৰুৱাৰ ‘কণিকাৰ ৰামধেনু’, বাহাৰুল ইছলামৰ ‘আছেনে কোনোবা হিয়া’ত আৰু ‘শ্রীমন্ত শংকৰদেৱ’, ‘আজান ফকীৰ’, ‘শেষ উপহাৰ’ আদি৷ মই শেহতীয়াভাৱে বহুকেইগৰাকী প্রতিভাসম্পন্ন যুৱ পৰিচালকৰ সৈতেও কাম কৰিছোঁ৷ মই হিমজ্যোতি তালুকদাৰৰ ‘কেলেণ্ডাৰ’ত অভিনয় কৰাৰ উপৰি শেহতীয়াভাৱে পাৰভেদ আজিজৰ ‘ইতি তোমাৰ’ নামৰ ছবিখনৰ এটি সৰু চৰিত্রত অতিথি শিল্পী হিচাপে অভিনয় কৰিছোঁ৷ আনহাতে বিশ্বজিত বৰুৱাৰ ‘বীৰাংগনা সাধনী’ নামৰ ছবিখনতো অভিনয় কৰিছোঁ৷ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰাৰ পিছত পুনৰ অভিনয়ৰ লগতে অন্যান্য ক্ষেত্রত অধিক পৰিমাণে জড়িত হৈ পৰিছোঁ৷

আপুনি এগৰাকী সফল অধ্যাপিকা হ’লেও অভিনেত্রী হিচাপে সমগ্র অসমতে বিশেষভাৱে পৰিচিত৷ আপুনি এগৰাকী অধ্যাপিকা নে অভিনেত্রী হিচাপে চিনাকি দি ভাল পায়?
আগতেও কৈছোঁ যে মই ঘটনাক্রমেহে অভিনয় জগতখনত সোমাই পৰিছোঁ৷ মই কেতিয়াও অভিনেত্রী হোৱাৰ কথা ভবা নাছিলোঁ৷ মোৰ সপোন আছিল এগৰাকী চিকিৎসক হোৱাৰ৷ মই সদায় শিক্ষকতা বৃত্তিটোক অতিশয় পৱিত্র বুলি গণ্য কৰোঁ৷ কাৰণ মোৰ শিক্ষয়িত্রী হিচাপে এক সুকীয়া পৰিচয় আছে৷ ছাত্র–ছাত্রীৰ জীৱন গঢ়াৰ দায়িত্ব গ্রহণ কৰা এই বৃত্তিয়ে মোক বিশেষ মর্যাদা প্রদান কৰা বুলি অনুভৱ কৰোঁ৷ অৱসৰ গ্রহণ কৰিলেও ছাত্র–ছাত্রীসকলৰ সৈতে বর্তমান সময়তো এক সু–সম্পর্ক আছে আৰু সমাজৰ বিভিন্ন ক্ষেত্রত প্রতিষ্ঠিত ছাত্র–ছাত্রীসকলক লগ পালে এক বুজাব নোৱৰা গৌৰৱ অনুভৱ কৰোঁ৷ অধ্যাপনাৰ সৈতে জড়িত হৈ থকা বাবেই মই বহু ছবিত অভিনয়ৰ প্রস্তাৱ প্রত্যাখ্যান কৰিছিলোঁ৷ কাৰণ এই বৃত্তিটোৰ স’তে মই কেতিয়াও আপোচ কৰিব বিচৰা নাছিলোঁ৷ অৱশ্যে অভিনয়ক পেছা হিচাপে গ্রহণ নকৰিলেও লাহে লাহে এই বিষয়টোৰ প্রতিও মোৰ অনুৰাগ বৃদ্ধি পাইছে৷ কাৰণ অভিনয়ে শৰীৰ আৰু মন সুখী কৰি ৰাখে৷ অভিনয়ে মোক মানসিক আনন্দ দিয়ে৷ ই একপ্রকাৰ মানসিক ঔষধৰ নিচিনা৷ তদুপৰি স্বনামধন্য সাহিত্যিক তথা চলচ্চিত্র নির্মাতা ড০ ভবেন্দ্রনাথ শইকীয়া, মুনীন বৰুৱা, জাহ্নু বৰুৱা– এইসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু অভিনয় জগতৰ বহু প্রখ্যাত লোকৰ সান্নিধ্যই মোক সদায় গভীৰভাৱে আৰু শৃংখলাবদ্ধভাৱে কাম কৰিবলৈ অনুপ্রাণিত কৰিছে৷ এতিয়া অভিনয়ৰ মাজেদি আৰু বিভিন্ন সামাজিক কাম–কাজৰ মাজেদি অৱসৰী জীৱন উদযাপন কৰিছোঁ৷

আপুনি অধ্যাপনা আৰু অভিনয়ৰ সৈতে জড়িত হৈ এটি ব্যস্ত জীৱন যাপন কৰিছে৷ ইয়াৰ মাজতো আপুনি সুন্দৰভাৱে এখন সুখী সংসাৰ চলাই গৈছে৷ এই সম্পর্কে অলপ ক’ব নেকি?
অধ্যাপনাৰ দিশটোত জড়িত হৈ সময়তে মই চলচ্চিত্রত অভিনয়ৰ সুযোগ পাইছিলোঁ৷ পৰিয়ালৰ সকলো সদস্যৰ সমর্থন আৰু সহযোগিতাৰ বাবেহে মই অভিনয় জগতত প্রৱেশ কৰা সম্ভৱ হৈছে৷ নগাঁৱৰ জখলাবন্ধাৰ প্রদীপ ৰঞ্জন গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো তেওঁৰ লগতে ঘৰখনৰ প্রত্যেকৰে সমর্থন আৰু সহযোগিতা লাভ কৰিছিলোঁ৷ তেওঁ বিদ্যুৎ বিভাগৰ পৰিচালন সঞ্চালক হিচাপে অৱসৰ গ্রহণ কৰিছে৷ আমাৰ দুই কন্যা নিশিতা গোস্বামী আৰু নিমিষা গোস্বামীয়ে নিজ নিজ সাংসাৰিক জীৱনত ব্যস্ত থকাৰ মাজতে আমাৰ প্রতিটো কামত সদায় সমর্থন জনাই আহিছে৷ সম্প্রতি মহানগৰীৰ খ্রীষ্টানবস্তিত আমি স্থায়ীভাৱে বসবাস কৰি আহিছোঁ৷

অধ্যাপনা আৰু অভিনয়ত ব্যস্ত থকা বাবে আপুনি হয়তো অন্য বহু কাম–কাজৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল৷ অৱসৰৰ পিছত আপুনি কিদৰে সময় অতিবাহিত কৰিছে?
অধ্যাপিকাৰ চাকৰিৰ পৰা অৱসৰ গ্রহণৰ পিছত মই অধিক পৰিমাণে অভিনয়ৰ সৈতে জড়িত হৈ পৰিছোঁ৷ ২০২৩ চনৰ শেষৰফালে ফণী শর্মা নাট সমাৰোহত মই পৰিচালনা কৰা মহেন্দ্র বৰঠাকুৰৰ ‘আলিদোমোজা’ নামৰ নাটকখনে দর্শকৰ বিপুল সমাদৰ লাভ কৰিছে৷ ইয়াৰ উপৰি মই বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাম–কাজ কৰাৰ প্রয়াস কৰিছোঁ৷ ড০ ভবেন্দ্রনাথ শইকীয়াৰ ‘আৰোহণ’ৰ লগত মই বিশেষভাৱে জড়িত হৈ আহিছোঁ৷ ‘নটসূর্য’ৰ লগতো কাম কৰি মই অসমৰ সাংস্কৃতিক জগতৰ উন্নয়নৰ হকে উদ্যোগ গ্রহণ কৰিছোঁ৷ অৱশ্যে চাকৰি কৰি থকা সময়তে জাগীৰোডত ‘অর্পিতা’ নামৰ এটি স্বেচ্ছাসেৱী সংস্থা মই গঢ় দিছিলোঁ৷ এই সংস্থাটোৱে এতিয়াও মহিলা আৰু শিশুৰ উন্নতিৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে৷ এইদৰে বিভিন্ন সামাজিক কাম–কাজ আৰু নাট্যজগতৰ স’তে জড়িত হৈ মই অৱসৰী জীৱন অতিবাহিত কৰি আহিছোঁ৷

আপুনি বর্তমান এখন আত্মজীৱনীমূলক গ্রন্থৰ কামত ব্যস্ত হৈ আছে৷ এই সম্পর্কে জনাব নেকি?
শেহতীয়াকৈ মই এখন গ্রন্থ প্রণয়নৰ কামত জড়িত হৈ আছোঁ৷ অৱশ্যে তুমি উল্লেখ কৰাৰ দৰে গ্রন্থখন ঠিক আত্মজীৱনী বুলি ক’লে একেবাৰে শুদ্ধ নহ’ব৷ কাৰণ এই গ্রন্থখনৰ মাজেদি মই মোৰ জীৱনটো প্রতিফলিত কৰিবলৈ চেষ্টা কৰিছোঁ যদিও আত্মজীৱনী বুলি ক’ব নোৱাৰি৷ মোৰ এই জীৱনৰ যাত্রাপথত যিসকলৰ সংস্পর্শলৈ অহাৰ সুযোগ পালোঁ, তেওঁলোকৰ পৰিয়ালবর্গই হওক বা সাংস্কৃতিক আৰু শিক্ষাজগতৰে হওক, যিসকলৰ সংস্পর্শই মোৰ জীৱনটো পূর্ণ কৰি তুলিছে, সেই সকলো দিশ সামৰি এই প্রচেষ্টা হাতত লৈছোঁ৷ গ্রন্থখন প্রকাশৰ বাবে ইতিমধ্যে যথেষ্ট সময় ব্যয় কৰিছোঁ৷ হয়তো এই দিশটোত অভিজ্ঞতা কম হোৱা বাবে গ্রন্থখন পঢ়ুৱৈৰ ওচৰ চপোৱাৰ ক্ষেত্রত কিছু বিলম্ব হৈছে৷ তথাপি আশা কৰিছোঁ গ্রন্থখন অতি শীঘ্রে প্রকাশ পাব৷ এই গ্রন্থখন মোৰ জীৱনৰ এটি মূল্যৱান কাম হিচাপে গ্রহণ কৰিছোঁ৷ পাঁচশৰো অধিক পৃষ্ঠাৰ এই গ্রন্থখন পঢ়ুৱৈ সমাজে আদৰি ল’লে নিশ্চিতভাৱে মোৰ শ্রম সার্থক হ’ব৷

নতুন প্রজন্মৰ অভিনেতা–অভিনেত্রী তথা শিল্পীসকললৈ আপুনি কি পৰামর্শ আগবঢ়াব?
নতুন নতুন প্রযুক্তি, বিস্তৃত মঞ্চ, আন্তঃগাঁথনি, প্রশিক্ষণ আদিৰ উন্নীতকৰণে নতুন প্রজন্মৰ শিল্পীসকলৰ প্রতিভা দেখুওৱাত যথেষ্ট সুযোগ বৃদ্ধি কৰিছে৷ সেই সুযোগ আৰু সুবিধা তেওঁলোকে সঠিকভাৱে ব্যৱহাৰ কৰা উচিত৷ তেওঁলোকে নিজৰ মাজত থকা আগ্রহ আৰু ইচ্ছা যথার্থ ৰূপত প্রকাশ কৰক৷ এই দিশবোৰত গুৰুত্ব আৰোপ কৰিলে নিশ্চিতভাৱে ৰাইজে তেওঁলোকক গ্রহণ কৰিব৷

You might also like