🔹 পৰিৱেশন কৰিব ৰাম বিজয় নাট–সত্রীয়া নৃত্য
নিয়মীয়া বার্তা, ১৮ জানুৱাৰী : প্রয়াগৰাজত চলি থকা মহা কুম্ভমেলালৈ কালি ৰাওনা হৈছে মাজুলীৰ প্রথমটো বৈষ্ণৱ সাংস্কৃতিক দল৷ মাজুলীৰ উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত সত্রখনৰ প্রায় ২৫জনীয়া বৈষ্ণৱ সাংস্কৃতিক দলে সত্রৰ পৰা কুম্ভমেলা অভিমুখে ৰাওনা হয়৷ কালি পুৱাই সত্রখনৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে নিজেই ভাগৱত মূৰত তুলি সত্রৰ কীর্তন ঘৰত সেৱা জনায়৷ ইয়াৰ পিছতেই গায়ন–বায়নসহ সত্রৰ বৈষ্ণৱ–শিল্পীৰ দলটোক সত্রৰ ভকত–বৈষ্ণৱে আগবঢ়াই দিয়ে৷ যাত্রাৰ প্রাক্মুহূর্তত মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্র পাঠক, বিধায়ক ভুবন গামে সত্রাধিকাৰ সমন্বিতে দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷ ইফালে, কালি মাজুলীৰ পৰা প্রয়াগৰাজলৈ ৰাওনা হোৱা বৈষ্ণৱৰ দলটোৱে নিশাটো শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত কটাই আজি পুৱা গুৱাহাটীৰ পৰা অন্যান্য বৈষ্ণৱসহ পুনৰ যাত্রা আৰম্ভ কৰি ২০ জানুৱাৰীত প্রয়াগৰাজৰ মহাকুম্ভত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে৷ ইফালে, বিধায়ক ভুবন গামে বৈষ্ণৱসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে মংগল কামনা কৰে৷ আয়ুক্ত ৰাতুল চন্দ্র পাঠকে কয়– আজি এইদৰে মহাকুম্ভমেলাত মাজুলীৰ সত্রানুষ্ঠানে অংশগ্রহণ কৰিবলৈ যোৱাটো আমাৰ বাবে সৌভাগ্যৰ বিষয়৷ মহাকুম্ভলৈ উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰসহ ভকত–বৈষ্ণৱ যোৱাৰ লগতে পর্যায়ক্রমে শ্রীশ্রী আউনীআটী সত্রৰ সত্রাধিকাৰসহ ভকত–বৈষ্ণৱ, শ্রীশ্রী দক্ষিণপাট সত্রৰ সত্রাধিকাৰসহ বৈষ্ণৱ, শ্রীশ্রী ভোগপুৰ সত্রৰ সত্রাধিকাৰ আৰু বৈষ্ণৱ, গড়মূৰ সত্রৰ সত্রাধিকাৰ আৰু বৈষ্ণৱসকল যাব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে যোৱা ১৩ জানুৱাৰীৰ পৰা অহা ২৬ ফেব্রুৱাৰীলৈ প্রয়াগৰাজত ৪৫ দিনীয়া মহাকুম্ভ মহোৎসৱত এইবাৰ প্রথমবাৰৰ বাবে অসমৰ নামঘৰ, মণিকূট আৰু ৰাঙলীচ’ৰা নির্মাণ কৰা হৈছে, য’ত প্রথমবাৰৰ বাবে প্রাগজ্যোতিষ নামেৰে বৃহৎ অনুষ্ঠানত অসমৰ পৰা যোৱা বৈষ্ণৱ শিল্পীৰ দলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷ ইতিমধ্যে উত্তৰ কমলাবাৰী সত্রৰ শিল্পী বৈষ্ণৱ ৰাজীৱ কাকতিৰ নেতৃত্বত ৬জনীয়া শিল্পীৰ দলে কুম্ভত নামঘৰ নির্মাণ সম্পূর্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷ তাৎপর্যপূর্ণ কথা যে কুম্ভত মাজুলীৰ বৈষ্ণৱ–শিল্পীৰ দলে দুজনা গুৰুৰ অমৰ সৃষ্টি ৰাম বিজয় নাট, দশাৱতাৰ নৃত্য, সত্রীয়া নৃত্য, গায়ন–বায়ন আৰু ৭ দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব৷ ইফালে, ঐতিহাসিক আউনীআটী সত্রৰ বৈষ্ণৱবৃন্দই ১২ বছৰৰ মূৰত হোৱা প্রয়াগৰাজৰ মহা কুম্ভমেলাত সত্রীয়া সংস্কৃতি প্রদর্শনৰ বাবে যোৱাৰ প্রস্তুতি আৰম্ভ কৰিছে৷ আউনীআটী সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত সত্রখনৰ ৪০গৰাকী বৈষ্ণৱে কুম্ভমেলালৈ অহা ৩০ জানুৱাৰীত যাত্রা আৰম্ভ কৰিব৷ আউনীআটী সত্রৰ বৈষ্ণৱ–শিল্পীৰ দলটোৱে কুম্ভমেলাত মাজুলীৰ সত্রীয়া পৰিৱেশ আৰু সত্রীয়া সংস্কৃতি পৰিৱেশনৰ বাবে জনোৱা বিশেষ অনুৰোধ সাপেক্ষে কুম্ভমেলাত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট ‘ৰাম বিজয়’ প্রদর্শন কৰিব৷