নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ড’নাল্ড ট্রাম্পৰ শপত

মাজত মাত্র কেইটামান ক্ষণ বাকী৷ আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে শপত ল’বলৈ সাজু হৈছে ড’নাল্ড ট্রাম্প৷ প্রথমবাৰ নির্বাচনত জয়লাভ কৰাৰ পিছত দ্বিতীয়বাৰ ডেম’ক্রেট প্রার্থী জ’ বাইডেনৰ হাতত পৰাজিত হ’বলগীয়া হৈছিল ৰিপাব্লিকান নেতা ট্রাম্প৷ কিন্তু আমেৰিকাৰ ৰাজনীতিত চাঞ্চল্য সৃষ্টি কৰি পুনৰ বিগত নির্বাচনত অভূতপূর্ব বিজয় সাব্যস্ত কৰে ট্রাম্পে৷ ট্রাম্পৰ জয়ৰ লগে লগে বিশ্ব ৰাজনীতিৰ মোৰ সলনি হ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ নেতাগৰাকীয়ে শপত লোৱাৰ পিছতে বিশ্বৰ বিভিন্ন ঘটনাই অন্য ৰূপ লাভ কৰিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ বিশেষকৈ মধ্যপ্রাচ্যত চলি থকা ৰক্তক্ষয়ী যুদ্ধ আৰু ৰাছিয়া–ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ অৱসান ঘটোৱাৰ ক্ষেত্রত হোৱাইট হাউছৰ নীতিৰ পৰিৱর্তন হ’ব বুলি বিশেষজ্ঞসকলে আশা কৰিছে৷ আমেৰিকাত আব্রাহাম লিংকনে যিখন বাইবেল হাতত লৈ ৰাষ্ট্রপতি হিচাপে শপত লৈছিল, সেই পৰম্পৰা ৰক্ষা কৰি একেখন বাইবেলৰ ওপৰত হাত থৈ শপতগ্রহণ কৰিব ট্রাম্পে৷ ২০ জানুৱাৰীত আমেৰিকাৰ সময় অনুসৰি দুপৰীয়া ৰাষ্ট্রপতি হিচাপে ট্রাম্পে শপত লোৱাৰ উপৰি উপ–ৰাষ্ট্রপতি জে ডি ভান্সেও শপতগ্রহণ কৰিব৷ কিন্তু পূর্বৰ দৰে মুকলি আকাশৰ তলত অনুষ্ঠিত নহয় এই শপতগ্রহণ অনুষ্ঠান৷ প্রথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতিৰ শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বন্ধ প্রেক্ষাগৃহত৷ ভয়াৱহ শীতপ্রবাহে আমেৰিকাৰ বিভিন্ন প্রদেশত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰি ৰাখিছে৷ বতৰ বিজ্ঞান বিভাগৰ পূর্বাভাস অনুসৰি ট্রাম্পে শপত লোৱাৰ সময়ত ৱাশ্বিংটন ডিচিত হাড় কঁপোৱা শীতৰ তাণ্ডৱ অব্যাহত থাকিব৷ তদুপৰি তুষাৰপাতৰ সম্ভাৱনাও আছে৷ সেইবাবে কেপিটল বিল্ডিঙৰ উদ্যানৰ পৰিৱর্তে ড’নাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে কেপিটল ভৱনৰ অভ্যন্তৰত৷ অৱশ্যে ২০১৭ চনৰ ২০ জানুৱাৰীত প্রথমবাৰ ৰাষ্ট্রপতি হিচাপে ট্রাম্পে পৰম্পৰা ৰক্ষা কৰি কেপিটল বিল্ডিঙৰ উদ্যানত শপত লৈছিল৷ সেইদিনাখনো অব্যাহত আছিল প্রচণ্ড ঠাণ্ডা আৰু মুষলধাৰ বৃষ্টি৷
ইতিমধ্যে ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানত কোন কোন দেশৰ শীর্ষ নেতা উপস্থিত থাকিব, তাক লৈ বিশ্ব ৰাজনীতিৰ পর্যবেক্ষকসকলে বিশেষ গুৰুত্ব প্রদান কৰিছে৷ এই শপতগ্রহণ অনুষ্ঠানৰ পৰাই যাব বিশ্বৰ বিভিন্ন দেশলৈ হোৱাইট হাউছৰ বার্তা৷ অর্থাৎ আগন্তুক দিনত আমেৰিকাই বিভিন্ন দেশক লৈ কি নীতি গ্রহণ কৰিব, শপতগ্রহণ অনুষ্ঠানতে তাৰ আভাস পোৱা যাব৷ লক্ষণীয় বিষয়টো হৈছে- ট্রাম্পৰ শপতগ্রহণৰ পূর্বেই আমেৰিকা তথা পাশ্চাত্যৰ বিশ্বলৈ প্রত্যাহ্বানৰ বার্তা প্রেৰণ কৰি ইৰানৰ ৰাষ্ট্রপতিয়ে ৰাছিয়া ভ্রমণ কৰিছে৷ বন্ধুৰাষ্ট্র ৰাছিয়াৰ সৈতে ইৰানে ইতিমধ্যে স্বাক্ষৰ কৰিছে প্রতিৰক্ষা সহযোগিতা চুক্তি৷ ট্রাম্পৰ শপতগ্রহণৰ পূর্বেই পেলেস্তাইনী সশস্ত্র সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত স্বাক্ষৰ হৈছে যুদ্ধবিৰোধী চুক্তি৷ ইজৰাইলৰ আক্রমণত বধ্যভূমিত পৰিণত হোৱা গাজালৈ শান্তি আৰু সুস্থিৰতা ঘূৰি অহাৰ ইংগিত দিছে ইজৰাইল তথা হামাছে৷ এইক্ষেত্রতো হোৱাইট হাউছৰ নতুন নীতিয়ে গুৰুত্ব লাভ কৰিব বুলি ধাৰণা কৰা হৈছে৷ ইফালে, চীনৰ সৈতে তীব্র মতানৈক্যৰ মাজতো চীনা ৰাষ্ট্রপতি ঝি জিনপিঙক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ কৰি ড’নাল্ড ট্রাম্পে পৰাক্রমী ৰাষ্ট্রখনৰ সৈতে আমেৰিকাৰ দীর্ঘদিনীয়া বৈৰিতাৰ অৱসান ঘটোৱাৰ ইংগিত দিয়া বুলি ৰাজনৈতিক পর্যবেক্ষকসকলে ধাৰণা কৰিছে৷ মাজতে বিভিন্ন দেশৰ বিৰুদ্ধে ৰপ্তানি কৰা পণ্যৰ শুল্ক বৃদ্ধিৰ ভাবুকিও প্রদান কৰি আহিছে ট্রাম্পে৷ এইক্ষেত্রত ভাৰতৰ দৰে বন্ধু দেশকে ভাবুকি প্রদান কৰিবলৈ এৰা নাই ট্রাম্পে৷ গতিকে বিশ্বৰ মহাপ্রতাপী ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকীৰ শপতগ্রহণৰ পিছতে কি ভূমিকা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ ইয়াৰ বাবেই ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানৰ প্রতি এতিয়া বিশ্বৰ সকলো দেশে নজৰ দিছে৷ ৰাজনৈতিক পর্যালোচকসকলেও ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানেই ভৱিষ্যৎ বিশ্ব ৰাজনীতিৰ নতুন দিশ উন্মোচনৰ মঞ্চ হ’ব বুলি ধাৰণা কৰিছে৷

You might also like