নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘাতমাউৰা মৰমী-অৰূপৰ পঢ়া-শুনাৰ দায়িত্বত বইটামাৰী আছু

কমতাপুৰ স্বায়ত্ব পৰিষদেও আগবঢ়ালে আৰ্থিক সাহাৰ্য

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বঙাইগাওঁ জিলাৰ বইটামাৰী অঞ্চলৰ ঢাকানাবাৰী গাওঁৰ এহাল কিশোৰ কিশোৰীৰ কেইবছৰ মান পূৰ্বে পিতৃৰ মৃত্যু হোৱাৰ পিচত চাৰিদিন পূৰ্বে মাতৃৰো বিয়োগ ঘটাত কিশোৰ কিশোৰী হাল অভিভাৱকহীন হৈ পৰে। অৰূপ বৰ্মন আৰু মৰমী বৰ্মন নামৰ এই কিশোৰ কিশোৰী হালৰ পিতৃৰ বিয়োগ ঘটাত আৰ্থিক ভাবে জুৰলা হৈ পৰা পৰিয়ালটোক মাতৃ গৰাকীয়ে আনৰ চাহৰ দোকানত কাম কৰি কোনোমতে পোহপাল দিছিল। কিন্তু হঠাৎ মাতৃ লতিকা বৰ্মনৰ মৃত্যু হোৱাত নিঠৰুৱা হৈ পৰে কিশোৰ কিশোৰী হাল। মৰমী বৰ্মন নামৰ কিশোৰী গৰাকীয়ে দিব এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১৫ ফেব্ৰুৱাৰীৰ আৰম্ভ হ’ব লগা পৰীক্ষাৰ বাবে সাজু হৈ বৰ হেপাহেৰে মৰমীয়ে সংগ্ৰহ কৰিছিল এডমিট কাৰ্ড । কিন্তু এডমিট কাৰ্ড অনাৰ পিছদিনাই মাতৃ গৰকীয়ে মৃত্যুক সাবটি লয়। আনহাতে অৰূপ বৰ্মন সপ্তম শ্ৰেণীৰ ছাত্ৰ। পিতৃ-মাতৃক হেৰুৱাই কেউ কিছু নাইকিয়া হৈ পৰা ছাত্ৰ-ছাত্ৰী হালে সামাজিক মাধ্যমযোগে ৰাইজৰ সহায় বিচাৰে। ইয়াৰ পিচত বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দল কালি পৰিয়ালটোত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহন কৰে। ছাত্ৰ সন্থাটোৰ সভাপতি দিপাঞ্জল নাথ ,সম্পাদক ধৃতিমান মজুমদাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নীলোৎপল চক্ৰবৰ্তীৰ নেতৃত্বত যোৱা দলটোৱে দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰী দুগৰাকীক সাহস যোগাই মৰমী বৰ্মনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষালৈ অৰূপ বৰ্মনৰ সমস্ত পঢ়াশুনাৰ দায়িত্ব গ্ৰহন কৰে। ইপিনে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱেশ ৰায় আৰু অধ্যক্ষ হিতেশ্বৰ বৰ্মন পৰিয়ালটোত উপস্থিত হৈ আৰ্থিক সাহাৰ্য আগবঢ়ায়।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like