নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বিশ্বজুৰি এতিয়া ক’ৰোনা ভাইৰাছৰ আতংক । সমগ্ৰ পৃথিৱীত পাঁচ সহস্ৰাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ভাৰতত এই পৰ্যন্ত মৃত্যু হৈছে দুগৰাকীকৈ লোকৰ । দেশৰ ৰাজধানী দিল্লীত ইতিমধ্যে বন্ধ কৰি দিয়া বিদ্যালয়-মহাবিদ্যালয়,মল, চিনেমা হলৰ লগতে কাৰ্যালয় ।
ক’ৰোনাৰ এই আতংকৰ বাবে এতিয়া সোমবাৰৰ পশ্চিমবংগৰ বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । শনিবাৰে এক বিজ্ঞাপনৰ জৰিয়তে এই কথা জনোৱা হৈছে । আগন্তুক ৩১ মাৰ্চ পৰ্যন্ত ৰাজ্যখনৰ প্ৰতিটো শিক্ষানুষ্ঠান বন্ধ থকাৰ লগতে উচ্চ মাধ্যমিক পৰীক্ষাসমূহ সূচী অনুসৰিয়েই চলি থাকিব ।