হাটশিঙিমাৰীত ২ কোটি টকাৰ হেৰোইনসহ মহিলাক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ সমীপ বেকাৰডোবাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযান কালত ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীযে গোপন সুত্ৰৰ পম খেদি নিশা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত উপ আৰক্ষী অধীক্ষক আনছুল শৰ্মাসহ খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰে হাটশিঙিমাৰীৰ বেকাৰডোবা গাঁৱৰ নুৰ ইছলামৰ ঘৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অভিযান কালত ২৩টা চাবোনৰ বাকচভৰ্ত্তি ২৫২ গ্ৰাম হেৰোইন জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰে। আটক কৰা মহিলাগৰাকী মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেকাৰডোবা গাৱৰ নুৰ ইছলামৰ পত্নী মুলুকজান নেছা বুলি জানিব পৰা গৈছে। লক্ষণীয় যে আৰক্ষীৰ উমান পাই ঘৰখনৰ পৰা নুৰ ইছলামে পলাই যাব লৈ সক্ষম হয়। পিছত আৰক্ষীয়ে নুৰ ইছলামৰ ঘৰৰ চিলিঙৰ কাৰ্টুন এটাত লুকাই ৰখা ২৩টা চাবোনৰ কেচত ২৫২ গ্ৰাম হেৰোইন জব্দ কৰে। হেৰোইনখিনিৰ আনুমানিক বজাৰ মুল্য দুই কোটি টকাতকৈ অধিক হব বুলি সন্দেহ কৰা হৈছে। জব্দকৃত হেৰোইনখিনি উদ্ধাৰৰ পিছত ঘৰখনত থকা নুৰ ইছলামৰ পত্নী মুলুকজান নেছাক গ্ৰেপ্তাৰ কৰে আৰু অধিক তথ্যৰ কাৰণে জেৰা অব্যাহত ৰাখে বুলি জানিব পৰা গৈছে। জব্দ কৰা হেৰোইনখিনি মনিপুৰৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে।
প্ৰেৰক ফাৰহাদ আহমেদ