লখিমপুৰৰ চলিচুকত মিচিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱৰ লাইখুঁটা স্থাপন
নিয়মীয়া বার্তা, ২৩ জানুৱাৰী : গুমৰাগ নৃত্য, ঐঃনিতমৰ সুৰেৰে জীপাল হৈ পৰিল লখিমপুৰ জিলাৰ ঘূণাসুঁতি পঞ্চায়তৰ ১নং চলিচুক অঞ্চল।আনুষ্ঠানিকভাৱে মিছিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱৰ বাবে মুৰং ঘৰৰ লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিছিংসকলৰ অন্য এক কৃষি ভিত্তিক উৎসৱ হল পঃৰাগ উৎসৱ ৷ এই উৎসৱটি উদযাপন কৰিবৰ বাবে বুধবাৰে ১নং চলিচুক গাঁৱৰ ৰাইজে মিচিং জনজাতিসকলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি পৰম্পৰাগত ৰীতি-নীতিৰে গাঁৱখনৰ ৰাজহুৱা ৰংমঞ্চৰ প্ৰাংগণত লাইখুটা স্থাপন কৰে। ভূমিপুত্র মিছিং জনগোষ্ঠীৰ জাতীয় উৎসৱ এই পঃৰাগ উৎসৱ ফাগুন মাহত পালন কৰি আহিছে। বছৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিছিং জনগোষ্ঠী সকলে পালন কৰি অহা এই উৎসৱ সম্পূৰ্ণ ৫ বছৰৰ পিছত এইবাৰ পুনৰ ধুমধামেৰে পালন কৰাৰ আয়োজন কৰিছে চলিচুকবাসীয়ে। সেইবাবে মিচিং জনগোষ্ঠীৰ উপাস্য দেৱতা চন্দ্ৰ-সূৰ্যক পূজা কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাগত পূজা অৰ্চনাৰে আনুষ্ঠানিক ভাৱে পঃৰাগ উৎসৱৰ বাবে মুৰং ঘৰৰ লাইখুঁটা স্থাপন কৰে পঃৰাগ উৎসৱ উদযাপন সমিতিৰ সভাপতি বালিচন পাংগিঙে।চলিচুক উন্নয়ন সমিতি আৰু চলিচুক যুৱক সংঘৰ উদ্যোগত প:ৰাগ উৎসৱ উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত চলিচুক অঞ্চলৰ শ শ লোকে অংশগ্ৰহণ কৰে। প:ৰাগ উৎসৱৰ সকলো ধৰ্মীয় ৰীতি-নীতি সমাপনৰ পাছত অঞ্চলটোৰ শ শ যুৱক- যুৱতী, জীয়ৰী-বোৱাৰী আদিয়ে সমূহীয়া গুমৰাগ নৃত্য পৰিৱেশন কৰি মৰা সোৱণশিৰীৰ নৈৰ পাৰৰ অঞ্চলটো আনন্দমুখৰ কৰি তোলে। মিচিং ঐনিতমৰ সুৰ, গুমৰাগৰ ছন্দ, মিচিং ঢোল-তাল, পেঁপা, বাঁহীৰ শব্দত উক্ত লাইখুঁটাস্থাপনস্থলী এক উৎসৱ ক্ষেত্ৰত পৰিণত হয়। উল্লেখ্য যে ১২ৰ পৰা ১৪ মার্চলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উক্ত প:ৰাগ উৎসৱ উদযাপন কৰা হ’ব।
প্ৰেৰক পুলকজ্যোতি বৰা