ৰাণীত প্রেমিকাৰ বাসগৃহত প্রেমিকৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ৰাণী আৰক্ষী চকীৰ অন্তর্গত মৈৰাপুৰত শনিবাৰে দুপৰীয়া প্রেমিকাৰ ঘৰত প্রেমিক যুৱকৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পলাশবাৰী আৰক্ষী থানাৰ অন্তর্গত মির্জাৰ জামৰতল নিৱাসী মিণ্টু দাস নামৰ যুৱকজনে ৰাণীৰ মৈৰাপুৰৰ ৰুণু দাস (ৰেণু)ৰ সৈতে প্রায় নবছৰ ধৰি এক প্রেমৰ সম্পর্ক ৰক্ষা কৰি আহিছিল৷
শেহতীয়াকৈ গোপনে ৰুণুৱে এজনৰ সৈতে নতুনকৈ প্রেমৰ সম্পর্ক স্থাপন কৰাৰ অভিযোগ উত্থাপিত হয়৷ পৰিয়ালৰ লোকে সেইজন লোকৰ সৈতে ৰুণুক বিয়া দিয়াৰ যো–জা কৰে৷ এনে কাৰণতে মিণ্টু দাসে প্রেমিকাৰ বাসগৃহতে চিপ লৈ আত্মহত্যাৰ পথ বাছি লয়৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই যুৱতীগৰাকী পূর্বতেও কোনো লোকৰ সৈতে বিয়া হৈছিল৷ বর্তমান বিবাহ বিচ্ছেদ ঘটি ঘৰতে আছিল৷ ঘটনা সন্দর্ভত মির্জাৰ মিণ্টু দাসৰ পৰিয়ালে আৰক্ষী থানাত কোনো এজাহাৰ প্রদান কৰা নাই৷ ৰহস্যজনকভাৱে যুৱতীগৰাকী বিয়লি ৰাণী আৰক্ষী চকীত হাজিৰ হৈছিল যদিও বর্তমান ঘৰলৈ অনা হয়৷ ইতিমধ্যে ৰাণী আৰক্ষী চকীৰ বিষয়া বিক্রম বসুমতাৰীসহ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ মিণ্টু দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পলাশবাৰী আৰক্ষী থানাৰ মর্গত ৰাখে৷