পলাশবাৰী চৰত ২৬ হাজাৰ বিঘা ভূমিত বাংলাদেশীৰ বেদখল
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তর্গত দক্ষিণ সৰু বংশৰ মৌজাৰ প্রায় ২৬,০০০ বিঘা ভূমি সম্প্রতি সন্দেহযুক্ত বাংলাদেশীৰ কবলত পৰিছে৷ ফলত উক্ত অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলে নিজৰ ভূমি হেৰুৱাই বিভিন্ন স্থানত অঘৰী জীৱন যাপন কৰিব লগা হোৱাত অঞ্চলজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ আজি প্রব্রজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ নেতৃত্বত এটা সঁজাতী দল উপস্থিত হৈ দক্ষিণ সৰু বংশৰ মৌজাৰ বিতুৰটাৰী, বণিয়াপাৰা আদি অঞ্চল পৰিভ্রমণ কৰে৷ প্রতিনিধি দলটোৱে পৰিভ্রমণৰ সময়ত সমগ্র অঞ্চলটোত সংন্দেহজনক বাংলাদেশী লোকে অবৈধভাৱে বৃহৎসংখ্যক ভূমি দখল কৰা প্রত্যক্ষ কৰে৷ পৰিদর্শন কৰি প্রব্রজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই সাংবাদিকৰ আগত কয় যে এই অঞ্চলত খিলঞ্জীয়াৰ ২৬ হাজাৰ বিঘা ম্যাদী পট্টাৰ মাটি আছে আৰু এই মাটিত খিলঞ্জীয়া মানুহে বসবাস কৰছিল৷ ১৯৮০ চনত যেতিয়া ব্রহ্মপুত্রৰ দিশ সলনি হয়, তেতিয়া ইয়াৰ পৰা স্থানীয় লোকসকলে নিশাৰ ভিতৰতে পলাবলগীয়া হৈছিল৷ ইয়াৰ পৰা গৈ তেওঁলোকে ছয়গাঁও, কুকুৰমাৰাকে ধৰি বিভিন্ন ঠাইত বসতি কৰিব লগা হৈছিল৷ ২০০১ চনত চাপৰি পৰাত আকৌ মাটিসমূহ ওলাল৷ সেই ২৬ হাজাৰ ভূমি ওভতাই পালে৷ এই পৰিস্থিতিত চৰকাৰে মাটিসমূহ পট্টাদাৰক গতাই দিব লাগিছিল৷ কিন্তু সেইটো নকৰিলে৷ এইক্ষেত্রত অগপ, বিজেপি আৰু কংগ্রেছে ছিণ্ডিকেট চলোৱা বুলি তেওঁ অভিযোগ কৰে৷ তেওঁ কয় যে ২০১৬ চনৰ ছেপ্ঢেম্বৰ মাহত যেতিয়া সন্দেহযুক্ত বাংলাদেশী আহিছিল, তেতিয়া ৪০০–৫০০মান ঘৰ আছিল৷ কিন্তু আজি প্রায় ৫,০০০ ঘৰ হ’ল৷ তেতিয়া স্কুল নাছিল৷ এতিয়া ৭খন প্রাথমিক বিদ্যালয়, ১খন এম ই স্কুল আৰু ৪–৫খন অংগনৱাড়ী হ’ল৷ গোটেইখিনি চৰকাৰে আবণ্টন দিয়া৷ পলাশবাৰী সমষ্টি এটা সম্পূর্ণ খিলঞ্জীয়া সমষ্টি৷ এই সমষ্টিত এজনো বাংলাদেশী মিঞা লোক নাছিল৷ কিন্তু এতিয়া ইয়াত প্রায় ৫,০০০ ঘৰত ৩০–৪০ হাজাৰ ভোট ওলাব৷ এইখিনি ভোটাৰে অহাবাৰ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ বিজেপিয়ে খিলঞ্জীয়া আৰু জাতি–মাটি–ভেটিৰ কথা কৈ থাকে৷ কিন্তু তেওঁলোকেও বাংলাদেশীৰ পৃষ্ঠপোষকতা কৰে৷ সেই কাৰণে তেওঁলোকে এইখিনি ভোট লৈ এটা ভোটবেংক সৃষ্টি কৰাৰ চেষ্টা কৰিছে৷ উল্লেখ্য যে এই অঞ্চল প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ লাভ কৰিছে সন্দেহযুক্ত লোকসকলে৷ আনহাতে, সন্দেহযুক্ত লোকে পলাশবাৰীৰ বিতুৰটাৰী চৰত ভূমি বেদখল কৰাক লৈ ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে প্রকাশ পাইছিল৷ ইয়াৰ পাছতো চৰকাৰে ব্যৱস্থা গ্রহণ নকৰাত সচেতন মহলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷