নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভমেলাত খাদ্যত ছাই মিহলাই নিলম্বন আৰক্ষী বিষয়া

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলিত মহাকুম্ভমেলা–২০২৫ত সামূহিক খাদ্যত ছাই মিহলোৱাৰ অভিযোগত আৰক্ষী বিষয়া এজনক নিলম্বন কৰা হৈছে৷ কুম্ভমেলাৰ ভক্তক পৰিৱেশন কৰা সামূহিক খাদ্য (ভাণ্ডাৰা)ত ছাই মিহলোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে গংগা নগৰৰ ডিচিপি কুলদীপ সিং গুনাৱটে উক্ত ভিডিঅ’ত ছাই মিহলোৱা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি নিলম্বন কৰে৷ ছ’চিয়েল মিডিয়াত আৰক্ষী বিষয়াজনৰ এনে অসাধু কার্যৰ ব্যাপক চর্চা হোৱাৰ পিছতেই ডিচিপি গুনাৱটে ভিডিঅ’টো পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰে৷ মন কৰিবলগীয়া যে আৰক্ষী বিষয়াজনৰ এই ভিডিঅ’টো সমাজবাদী পার্টীৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱে শ্বেয়াৰ কৰি গৰিহণা জনাই আৰক্ষীক ব্যৱস্থা গ্রহণৰ দাবী জনাইছিল৷

You might also like