নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : মাতৃৰ মৃতদেহৰ কাষত ৭ দিন ধৰি বহি থাকিল দুই কন্যা৷ সৎকাৰ কৰিবলৈ ধন নাই তেওঁলোকৰ৷ আত্মীয়ৰ পৰা সাহায্য বিচাৰিছিল যদিও কোনেও এটকাও নিদিলে৷ গতিকে মৃতদেহ কাষত লৈ চৰম হতাশাত বহি থাকিবলগীয়া হ’ল দুই কন্যা৷ চাঞ্চল্যকৰ এই ঘটনাটো ঘটিছে তেলেংগানাত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, সাত দিন পূর্বে শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হয় চি ললিতা নামৰ মহিলাগৰাকীৰ৷ দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল ললিতা৷ শ্মশ্মানলৈ নিয়াৰ বাবে হাতত ধন নাছিল ললিতাৰ দুই কন্যাৰ৷ গতিকে সাত দিন ধৰি ঘৰতে মৃতদেহ ৰাখি থ’লে ললিতাৰ দুয়োগৰাকী কন্যাই৷ ৪ বছৰ পূর্বে পাৰিবাৰিক অশান্তিৰ বাবে ঘৰ ত্যাগ কৰিছিল ললিতাৰ স্বামীয়ে৷ স্বামীক কোনোদিনে বিচাৰি নাপালে ললিতাই৷ কিছুদিন পূর্বে ললিতাই অশান্তিৰ বাবে পুৰণি ঘৰ ত্যাগ কৰি নতুন স্থানলৈ আহি দুই কন্যাৰ সৈতে থাকিবলৈ লয়৷ ললিতাৰ ২৫ বছৰ বয়সীয়া জ্যেষ্ঠ কন্যা ৰভলিকাই শাড়ীৰ দোকান এখনত কাম কৰে৷ কনিষ্ঠ কন্যা অশ্বিতায়ো সাধাৰণ কাম কৰি পৰিয়াল চলোৱাত সহায় কৰে৷ দুই কন্যাৰ ধনেৰে চিকিৎসাও চলাবলগীয়া হৈছিল ললিতাৰ৷ হঠাতে ললিতাৰ মৃত্যু হ’ল যদিও মৃতদেহ সৎকাৰ কৰিবলৈ দুই কন্যাৰ হাতত এটা টকাও নাছিল৷ গতিকে মৃতদেহ নিজৰ লগতে ৰাখি থ’লে দুয়োজনী কন্যাই৷ বিভিন্নজনৰ ওচৰত সাহায্য বিচাৰিছিল যদিও বিমুখ হ’বলগীয়া হয় দুয়োজনী তৰুণী৷ স্থানীয় ক্লাব এটাই আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি শ্মশ্মানলৈ লৈ যায়৷ আৰক্ষীৰ সহযোগত সম্পন্ন কৰা হয় শেষকৃত্য৷