নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ৰ নির্দেশনা মানি ৰোগীৰ ‘মৃত্যুৰ অধিকাৰ’ নিয়ম বলৱৎ

🔹  চিকিৎসকৰ দুটা পর্যায়ত পৰীক্ষাৰ পিছত আদালতে ল’ব সিদ্ধান্ত

🔹 উপহাৰ দিয়া হ’ব ‘শান্তিপূর্ণ মৃত্যু’

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : উচ্চতম ন্যায়ালয়ৰ নির্দেশনা মানি ‘মৃত্যুৰ অধিকাৰ’ নীতি আৰম্ভ কৰিলে কর্ণাটক চৰকাৰে৷ এই নীতি অনুসৰি, যিসকল ৰোগী কঠিন ৰোগত আক্রান্ত আৰু যিসকলৰ ৰোগ নিৰাময়ৰ সম্ভাৱনা শূন্য, তেওঁলোকক ‘মৃত্যু’ উপহাৰ দিয়া হ’ব৷ ৰোগী আৰু তেওঁৰ পৰিয়ালে বিচাৰিলে চিকিৎসকসকলে তেওঁৰ ‘শান্তিপূর্ণ মৃত্যু’ নিশ্চিত কৰিব পাৰিব৷ কর্ণাটকৰ স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে৷ লক্ষণীয়ভাৱে স্বাস্থ্যমন্ত্রী দীনেশ গুণ্ডু ৰাৱে ছ’চিয়েল মিডিয়াত এই প্রক্রিয়া সম্পর্কত ব্যাখ্যা আগবঢ়াইছে৷ ‘মৃত্যুৰ অধিকাৰ’ কেনেদৰে বলৱৎ হ’ব কর্ণাটকত? যিকোনো ৰোগীয়ে বিচাৰিলেই ‘মৃত্যু’ৰ এই অধিকাৰ নাপাব৷ নতুন নিয়ম অনুসৰি, দ্বিস্তৰীয় মেডিকেল পর্যবেক্ষণৰ পিছত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ অর্থাৎ ৰোগীৰ শাৰীৰিক পৰিস্থিতি দুটা পর্যায়ত পৰীক্ষা কৰি চাব চিকিৎসকসকলে৷ উভয় ক্ষেত্রত সেউজ সংকেত পোৱা গ’লে ৰোগীৰ মৃত্যু নিশ্চিত কৰা হ’ব৷ প্রথমে তিনিগৰাকী চিকিৎসকৰ প্রাথমিক ব’ৰ্ডত ৰোগীৰ পৰীক্ষা চলোৱা হ’ব৷ এই ব’র্ডে যদি ৰোগীৰ জীয়াই থকাৰ আশা শেষ বুলি ধাৰণা কৰে, তেন্তে দ্বিতীয় পর্যায়ৰ পৰীক্ষা তথা পর্যালোচনা হ’ব৷ দ্বিতীয় পর্যায়তো যদি একেই ফল পোৱা যায়, তেন্তে সেই প্রতিবেদন আদালতত দাখিল কৰা হ’ব৷ আদালতে এইক্ষেত্রত সন্মতি দিলে ৰোগীৰ মৃত্যু কার্যকৰী কৰা হ’ব৷

You might also like