বিজনীত ৰণজিৎ কুমাৰ বৰাক সশ্রদ্ধ স্মৰণ
নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ সংবাদকর্মীসকলৰ উমৈহতীয়া মঞ্চ বিজনী জার্নেলিষ্ট ফ’ৰামৰ একালৰ সদস্য, প্রয়াত সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক ৰণজিৎ কুমাৰ বৰাৰ যোৱা ৩০ জানুৱাৰীৰ পুৱতিনিশা পৰলোকপ্রাপ্তি হয়৷ বিজনী জার্নেলিষ্ট ফ’ৰামৰ কার্যালয় চৌহদত সমূহীয়াভাৱে ৰণজিৎ কুমাৰ বৰাৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিজনী জার্নেলিষ্ট ফ’ৰামৰ প্রতিষ্ঠাপক সভাপতি নৃপেন্দ্র নাৰায়ণ দেৱ মিশ্রই৷ বিজনী জার্নেলিষ্ট ফ’ৰামৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে আঁত ধৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে সমাজকর্মী ড০ সুবীৰ কুমাৰ দাস, জ্যেষ্ঠ নাগৰিক হিৰণ্যজ্যোতি বায়ন, বিজনী প্রেছ ক্লাবৰ সম্পাদক হেমন্ত ৰায়, চিৰাং জিলা সাহিত্য সভাৰ বৰীন্দ্র নাথ দাস, পার্থজিৎ ৰায়,বসন্ত কুমাৰ ৰায়, বিশ্বজিৎ ৰায় আদিকে ধৰি কেইবাগৰাকী অতিথি উপস্থিত থাকি ৰণজিৎ কুমাৰ বৰাৰ কর্মৰাজি–সান্নিধ্যৰ বিষয়ে আলোকপাত কৰে৷