ডেৰ মাহত ১০বাৰ ঊৰ্ধ্বমুখী সোণৰ দাম, আৰু বাঢ়িব মূল্য
ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। যোৱা ৪০ দিনত ১০ বাৰ এনেকুৱা হৈছিল, যেতিয়া সোণে নিজৰ পুৰণি সৰ্বকালৰ উচ্চ অভিলেখ ভংগ কৰিছিল। আজিৰ কথা ক’বলৈ গ’লে সোমবাৰে ফ্যুচাৰ ট্ৰেডিঙত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য অভিলেখ সৃষ্টি কৰিলে ৮৫,৬৮০ টকা। মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত এপ্ৰিল মাহত যোগানৰ বাবে চুক্তিৰ মূল্য প্ৰাৰম্ভিক ব্যৱসায়ত অভিলেখ সৃষ্টি কৰি প্ৰতি ১০ গ্ৰামত ৮৫,৬৮০ টকা হয়। দ্য মিণ্টৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ আৰম্ভণিতে সোণৰ মূল্য প্ৰচুৰভাৱে বাঢ়ে। চলিত বৰ্ষত এতিয়ালৈকে সোণৰ সৰ্বোচ্চ ১০টা নতুন সৰ্বোচ্চ স্তৰ ৰেকৰ্ড কৰা হৈছে আৰু ইয়াৰ মূল্য প্ৰতি আউন্সত ২৮৮৬ ডলাৰ হৈছেগৈ। ভাৰতীয় বজাৰতো সোণৰ মূল্য নতুন উচ্চতাত উপনীত হৈছে, প্ৰতি ১০ গ্ৰামত ৮৫,৬৮০ টকা, যিটোৱে চলিত বৰ্ষৰ এতিয়ালৈকে ১১ শতাংশতকৈ অধিক বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে সোণৰ দামৰ এই বৃদ্ধি আৰু অধিক হ’ব পাৰে আৰু ইয়াৰ মূল্য প্ৰতি আউন্সত ৩ হাজাৰ ডলাৰ হোৱাৰ সম্ভাৱনা আছে। এই উত্থানৰ আঁৰত বহুতো ডাঙৰ কাৰণ আছে, ইয়াৰ মূল কাৰণ হ’ল বজাৰৰ অস্থিৰতা, মুদ্ৰাস্ফীতিৰ ভয়, বাণিজ্য যুদ্ধ আৰু কেন্দ্ৰীয় বেংকৰ গধুৰ ক্ৰয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য নীতি আৰু অৰ্থনৈতিক সিদ্ধান্তৰ বাবে বজাৰৰ অস্থিৰতা বৃদ্ধি পাইছে। ট্ৰাম্পৰ বাণিজ্য নীতি আৰু সম্ভাৱ্য মুদ্ৰাস্ফীতি সোণৰ মূল্য বৃদ্ধিৰ বাবে ইতিবাচক বুলি প্ৰমাণিত হৈছে। দৰাচলতে ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত তেওঁৰ অৰ্থনৈতিক নীতিয়ে সোণৰ দাম আৰু অধিক বৃদ্ধি কৰাত সহায় কৰিছে। তেওঁ কৰ্পৰেট কৰ কৰ্তনৰ প্ৰস্তাৱ দিছে, যাৰ ফলত আমেৰিকাৰ ঋণ বৃদ্ধি পাব পাৰে আৰু সম্ভৱতঃ মুদ্ৰাস্ফীতিৰ ইন্ধন যোগাব পাৰে। ইয়াৰ উপৰিও তেওঁ চীন আৰু অন্যান্য দেশৰ ওপৰত গধুৰ শুল্ক (আমদানি শুল্ক) আৰোপ কৰাৰ হুংকাৰ দিছে, যাৰ ফলত বিশ্বৰ বজাৰত অনিশ্চয়তা বৃদ্ধি পাইছে। ট্ৰাম্পে ফেডাৰেল আয়কৰ আঁতৰাই পুৰণি কৰ গাঁথনি পুনৰ প্ৰৱৰ্তনৰ কথা কৈছে। যদি এনেকুৱা হয় তেন্তে সোণৰ দাম আৰু বৃদ্ধি পাব পাৰে। ট্ৰাম্পে বাণিজ্যিক শুল্ক বৃদ্ধিৰ ভাবুকিৰ বাবে নিউয়ৰ্কৰ ব্যৱসায়ীসকলে লণ্ডনৰ পৰা সোণ (অৰ্থাৎ প্ৰকৃত সোণ) ভৌতিকভাৱে ডেলিভাৰী কৰাৰ দাবী জনাইছে। ২০২৫ চনৰ জানুৱাৰী মাহলৈকে নিউয়ৰ্কৰ কমেক্স এক্সচেঞ্জলৈ ৩৯৩ টন সোণ আমদানি কৰা হয়, যাৰ ফলত তাত থকা ষ্টক ৮২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। ইয়াৰ বাহিৰেও সোণ ক্ৰয়ৰ ক্ষেত্ৰত আগৰণুৱা ভাৰত আৰু এছিয়াৰ দেশৰ কেন্দ্ৰীয় বেংক। বিশ্ব সোণ পৰিষদৰ তথ্য অনুসৰি ২০২৪ চনত বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহে একেৰাহে তৃতীয় বছৰৰ বাবে ১০০০ টনৰো অধিক সোণ ক্ৰয় কৰিছিল। ভাৰতে ২০২৪ চনত ৭৩ টন সোণ ক্ৰয় কৰি দেশৰ মুঠ সোণৰ মজুত ৮৭৬ টনলৈ বৃদ্ধি কৰে। ইয়াৰ উপৰিওচীনে যোৱা তিনি বছৰত ৩৩১ টন সোণ ক্ৰয় কৰি মুঠ মজুত ২,২৭৯ টনলৈ বৃদ্ধি পাইছে।