গুৱাহাটী ৰেল ষ্টেচনত যুৱকৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ এন জি চিৰ সমীপত এজন যুৱক ৰে’ল যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’লৱে ষ্টেচনৰ এন জি চিৰ সমীপত এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইচলৈ প্ৰেৰণ কৰে। মৃত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা সমাপনৰ পিচত ৩০ বছৰীয়া মৃতদেহটো চিনাক্তকৰণৰ বাবে জি এম চি এইচৰ মৰ্গত ৰখা হৈছে বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।