নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ একমাত্ৰ চৰকাৰী নৰ্মাল স্কুল যি খন ১৯৫০ চনৰ ৩১ আগষ্ট তাৰিখে স্থাপন হৈছিল ৰাইজৰ দাবীত। ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত এইখন শিক্ষানুষ্ঠান গঢ়লৈ উঠিছিল। বহু দুৰদুৰণীৰ পৰা নৰ্মাল প্ৰশিক্ষণ গ্ৰহন কৰি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈছিল। কিন্তু আজি ৭৫ বছৰীয়া হাউলী নৰ্মালৰ গৰিমাত কালীমা সানিলে। স্কুলখন দিনৰ ২.৪৩ বজাত অধ্যক্ষৰ পৰা আৰাম্ভ কৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈ কোনো উপস্থিত নথকাত সচেতন ৰাইজৰ মাজত বহু প্ৰশ্ন উত্থাপন হৈছে।অসমৰ বিভিন্ন জিলাৰ পৰা এই শিক্ষানুষ্ঠানখনত ডিপ্লমা ইন ইলিমেন্টৰি এডুকেশ্বনৰ পাঠ্যক্ৰম চমুকৈ (ডি ইএল এড) পঢ়িবলৈ আহে।প্ৰায় একশ ছাত্ৰ-ছাত্ৰী এই হাউলী নৰ্মাল স্কুলত অধ্যয়ন কৰি আছে যদিও ছাত্ৰ-ছাত্ৰী সকলে তিনি বজালৈ উপস্থিত থাকিব লাগে কিন্তু আজি ছাত্ৰ ছাত্ৰী সকলেও অনুপস্থিত থকটো এটা লক্ষণীয় বিষয় হৈ পৰিছে। নৰ্মাল স্কুলৰ কাৰ্যালয় সহায়কৰ পৰা আৰাম্ভ কৰি অধ্যক্ষ লৈকে অনুপস্থিত থকাৰ সাহসৰ অন্তৰালত কি আছে তাক লৈ সচেতন ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।নে অধ্যক্ষক মেনেজ কৰি নৰ্মাল স্কুল চলি আছে! উক্ত নৰ্মাল স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ নিবাসৰ পৰাই ছাত্ৰ পথ নাম হোৱা এই পথৰ গাতে লাগি থকা নিবাসত এটা সময়ত গিজগিজাই আছিল নিবাসটো। কিন্তু অতি দুখৰ বিষয় যে আজি হাউলী নৰ্মাল স্কুলৰ কৰ্মচাৰী সহিতে ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতি শূণ্য দেখা গ’ল। সন্ধিয়া হলে মদ ভাংৰ আদ্দা আৰু আবেলি সময়ত জুৱা খেলৰ আদ্দাত পৰিণত হৈছে। দিনৰ আৰু নিশাৰ চাৰিজনকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থকা এই নৰ্মাল স্কুলৰ অৱস্থা কিয় এনেকুৱা হব পাৰিছে। নে অধ্যক্ষৰ দৰমহা লোৱাৰ বাবে চকীখন ৰাখি আছে!ৰাইজে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। এই ক্ষেত্ৰত এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষ্যনীয়