নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত বুমৰাহৰ লজ্জাৰ ৰেকর্ড ভাঙিলে ছামিয়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্রফীত পাকিস্তানৰ বিৰুদ্ধে প্রথম অভাৰত ১১টা বল কৰিলে মহম্মদ ছামিয়ে৷ ইয়াৰ লগে লগে তেওঁ যশপ্রীত বুমৰাহৰ অবাঞ্ছিত অভিলেখ ভংগ কৰিলে৷ ছামিয়ে প্রথম অভাৰৰ দ্বিতীয়টো বল ৱাইড দিয়ে৷ তৃতীয়টো বল কৰাৰ সময়ত তেওঁ একেৰাহে দুটা ৱাইড কৰে৷ ছামিৰ লেংথ ঠিকে আছিল যদিও লাইন সঠিক নাছিল৷ কেতিয়াবা অফ ষ্টাম্পৰ বাহিৰত আৰু কেতিয়াবা লেগ ষ্টাম্পত বলিং কৰিছিল৷ বল পিটচত পৰি আকৌ ছুইং কৰিছিল, ফলত বল ৱাইড হৈছিল৷ অভাৰৰ অন্তিম বলটো কৰিবলৈ গৈ পুনৰ দুটা ৱাইড কৰে ছামিয়ে৷ অভাৰটোত মুঠ ৫টা ৱাইড বল কৰাত তেওঁ মুঠ ১১টা বল কৰিব লগা হয়৷ অৱশ্যে এই ১১টা বলত তেওঁ দিয়ে ৬ ৰান৷ উল্লেখ্য যে চেম্পিয়নছ ট্রফীত এইটোৱে আছিল কোনো ভাৰতীয় বলাৰে কৰা আটাইতকৈ দীঘলীয়া অভাৰ৷ ২০১৭ চনত চেম্পিয়নছ ট্রফীৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে এটা অভাৰত বুমৰাহে ৯টা বল কৰিছিল৷ এইটো ইমানদিনে আটাইতকৈ দীঘলীয়া অভাৰ আছিল৷ পাকিস্তানৰ বিৰুদ্ধে তিনি অভাৰ বলিং কৰাৰ পিছত ছামিক ভৰিৰ কোনো সমস্যাৰ বাবে খেলপথাৰৰ বাহিৰলৈ নিয়া হয়৷ কিছু সময় ড্রেছিং ৰুমত থকাৰ পিছত তেওঁ পুনৰ দ্বিতীয় স্পেল কৰে৷

You might also like