নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি–২০ৰ জৰুৰী বৈঠক দাবী অষ্ট্রেলিয়াৰ

নিয়মীয়া বাৰ্ত ১৬ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ দেশে দেশে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ পিছতে অষ্ট্রেলিয়াত বিদেশৰ পৰা উপস্থিত হোৱা লোকসকলক নিজাববীয়াকৈ আছুতীয়াভাৱে থকাৰ নির্দেশ দিয়া হৈছে৷ ইফালে, বিশ্বজুৰি এই ভাইৰাছবিধে সংহাৰী ৰূপ ধাৰণ কৰাৰ লগে লগে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রস্তাৱক সমর্থন জনায় অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্ক’ট মৰিছনে শীঘ্রেই জি–২০ গোষ্ঠীৰ নেতাসকলক এক জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে৷ জি–২০ গোষ্ঠীৰ বিত্তীয় মুৰব্বীসকলৰ এই জৰুৰী বৈঠক অনুষ্ঠিত কৰি ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপে বিশ্বৰ বজাৰ অর্থনীতিলৈ কঢ়িয়াই অনা সংকটৰ পৰিত্রাণৰ পথ বিচাৰিব লাগে বুলি দাবী জনাইছে মৰিছনে৷ উল্লেখনীয় যে ভিডি’অ কনফাৰেন্সৰ জৰিয়তে বিশ্ব নেতৃত্বই এই জৰুৰী বৈঠকত অংশগ্রহণ কৰা উচিত বুলিও উল্লেখ কৰিছে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী গৰাকীয়ে৷ এই বিষয়টো সন্দর্ভত ইতিমধ্যে ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনৰ সৈতে টেলিফোনত আলোচনাও কৰিছে জনছনে৷ যোৱানিশা জনছনৰ সৈতে হোৱা বার্তালাপত মৰিছনক জি–২০ ৰাষ্ট্রগোষ্ঠীৰ বিত্তমন্ত্রীসকলৰ জৰুৰী বৈঠক শীঘ্রে অনুষ্ঠিত হ’ব লাগে বুলি জনছনেও সমর্থন জনাইছে৷ স্মর্তব্য যে ৰাষ্ট্রসংঘৰ বাণিজ্য আৰু উন্নয়ন শাখাই ক’ৰোনাৰ সংহাৰী ৰূপে চলিত বর্ষত বিশ্ব অর্থনীতিৰ দুই লাখ কোটি ডলাৰ পর্যন্ত ক্ষতি কৰিব পাৰে বুলি সতর্কবাণী কৰিছে৷

You might also like