মাত্র ৩০ মিনিটতে দিল্লীৰ পৰা জয়পুৰ যাত্রা
নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ দেশৰ ৰে’লত যুগান্তকাৰী পৰিৱর্তনেৰে প্রথম হাইপাৰলুপ ৰে’লপথ প্রস্তুত কৰি তোলা হৈছে৷ কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যমযোগে ৰে’লৰ গতিৰ ক্ষেত্রত যুগান্তকাৰী সিদ্ধান্তৰে দিল্লীৰ পৰা জয়পুৰলৈ হাইপাৰলুপ ৰে’লপথ প্রস্তুত কৰি তোলা হৈছে৷ ৪২২ মিটাৰ দৈর্ঘ্যৰ হাইপাৰলুপ ৰে’লপথ আইআইটি মাদ্রাজে নির্মাণ কৰি উলিয়াইছে৷ মাত্র ৩০ মিনিটতেই ৩৫০ কিঃমিঃ দূৰ অতিক্রম কৰিব পৰা যাব৷ অর্থাৎ এই ৰে’লৰ গতি হ’ব প্রতিঘণ্টাত ১,১০০ কিঃমিঃ৷ দিল্লীৰ পৰা জয়পুৰলৈ যাত্রা মাত্র ৩০ মিনিটতে অতিক্রম কৰিব পৰা যাব৷ হাইপাৰলুপ ব্যৱস্থা বলৱৎ হ’লে দেশৰ পৰিবহণ ব্যৱস্থাৰ আমূল পৰিৱর্তন হোৱাটো নিশ্চিত৷