নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : আজি অন্যান্য প্ৰান্তৰ দৰে নগৰবেৰাৰ শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদয়াপন কৰা হয়। পুৱা বিদ্যালয় প্ৰাঙ্গণত গছপুলি ৰোপণৰ অন্তত সেইমৰ্মে বিদ্যালয় প্ৰাঙ্গণত ছাত্ৰ-ছাত্ৰী ,শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এক সভাৰো আয়োজন কৰা হয়। শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলেন তালুকদাৰৰ পৌৰহিত্যত আয়োজিত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে-অসম বিজ্ঞান সমিতি, নগৰবেৰা শাখাৰ সদস্য তথা স্থানীয় বি পি চলিহা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী আৰু মুৰব্বী অধ্যাপক আবুবক্কাৰ ছিদ্দিক, অঃ বিঃ সমিতি, নগৰবেৰা শাখাৰ সম্পাদক আৰু ইকো ক্লাৱ (বি পি চলিহা মহাবিদ্যালয়)ৰ উপসভাপতি তথা বি পি চি মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক ড° আতোৱাৰ ৰহমান, বি পি চি মহাবিদ্যালয়ৰ ইকো ক্লাৱৰ কনভেনৰ ,ভূগোল বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° বিমান লহকৰ, বি পি চি মহাবিদ্যালয়ৰ চায়েন্স ফৰাম’ৰ সম্পাদক তথা ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° মানসজ্যোতি ডেকা, বি পি চি চলিহা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা অসম বিজ্ঞান সমিতিৰ নগৰবেৰা শাখাৰ সহকাৰী সম্পাদক ড° চিৰঞ্জীৱ মিলি আদি কেবাগৰাকীকৈ বিশিষ্ট ব্যক্তি। প্ৰতিগৰাকী বক্তাই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ৰ তাৎপৰ্য, ৰমণ ইফেক্ট, শব্দ, পোহৰৰ বিচ্যুৰণ, কম্পন আদি সন্দৰ্ভত সুন্দৰকৈ বাখ্যা কৰে। চায়েন্স ফৰাম, ইকো ক্লাৱ আৰু অসম বিজ্ঞান সমিতি, নগৰবেৰা শাখাৰ উদ্যোগত উদযাপন কৰা হয় আজিৰ এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচী। আজিৰ কাৰ্যসূচীত বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like