PSLৰ সূচী ঘোষণা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ
নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে পাকিস্তান ছুপাৰ লীগৰ সূচী। এই প্ৰতিযোগিতাখন ১১ এপ্ৰিলৰ পৰা আৰম্ভ হব। আনহাতে, ১৮ মে’ত অনুষ্ঠিত হ’ব পাকিস্তান ছুপাৰ লীগৰ ফাইনেল। আনহাতে আই পি এল ২২ মাৰ্চৰ পৰা আৰম্ভ হব। এই প্ৰতিযোগিতাৰ ফাইনেল খেল ২৫ মে’ত অনুষ্ঠিত হ’ব। অৱশ্যে পাকিস্তান ছুপাৰ লীগৰ প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ইছলামবাদ ইউনাইটেডে লাহোৰ কালাণ্ডাৰছৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। দুয়োটা দলে ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ’ব। এই ছিজনত পাকিস্তান ছুপাৰ লীগত মুঠ ৩০খন খেল অনুষ্ঠিত হ’ব। এই ছিজনত পি এছ এলৰ কোৱালিফায়াৰ, এলিমিনেটৰ-১ আৰু এলিমিনেটৰ-২ ক্ৰমে ১৩ মে’, ১৪ মে’ আৰু ১৬ মে’ত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ত মুঠ ৩০খন খেল অনুষ্ঠিত হ’ব। ১৮ মে’ত লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল। ইয়াৰ উপৰি ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত ১১খন খেল অনুষ্ঠিত হ’ব। আনহাতে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত ১৩খন খেল অনুষ্ঠিত হ’ব। ৰাৱালপিণ্ডি আৰু লাহোৰৰ বাহিৰেও কৰাচী আৰু মুলতানত ৫খনকৈ মেচ অনুষ্ঠিত হ’ব। এই সময়ছোৱাত ভাৰতত অনুষ্ঠিত হ’ব আই পি এলৰ ১৮সংখ্যক ছিজন। ২২ মাৰ্চৰ পৰা আৰম্ভ হব আই পি এল। এই প্ৰতিযোগিতাৰ ফাইনেল খেল ২৫ মে’ত অনুষ্ঠিত হ’ব। পাকিস্তান ছুপাৰ লীগৰ মুখ্য কাৰ্যবাহী বিষয়া ছলমান নাছিৰে কয় যে পাকিস্তান ছুপাৰ লীগৰ দশম ছিজনৰ সূচী প্ৰকাশ কৰি আমি অতিশয় আনন্দিত হৈছো। যোৱা ১০ বছৰত পাকিস্তান ছুপাৰ লীগে বিশ্ব পৰ্যায়ত নিজৰ নাম উজলাই তুলিছে। এই প্ৰতিযোগিতাই পাকিস্তানৰ বহু প্ৰতিভাৱান খেলুৱৈক এক মঞ্চ প্ৰদান কৰিছে। ছলমান নাছিৰে আৰু কয় যে এই ছিজনত অনুৰাগীসকলে কেৱল ডাঙৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক দেখা পোৱাই নহয়, কৰাচী, মুলতান, লাহোৰ আৰু ৰাৱালপিণ্ডিত মুঠ ৩৪খন মেচো চাব পাৰিব।