জ্যোতিৰাদিত্য সিন্ধিয়াঃ বিজেপিত যোগদানেৰে নতুন ইনিংছ
- পূর্বজ্যোতি চুতীয়া
যুৱ ৰাজনৈতিক নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পিছত কংগ্রেছৰ শিবিৰত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ জ্যোতিৰাদিত্যৰ যোগদান বিজেপিৰ বাবে নিশ্চিতভাৱে এটা ইতিবাচক দিশ৷ সাধাৰণ জনতাৰ মাজত ব্যক্তিগতভাৱে জ্যোতিৰাদিত্যৰ খুব বেছি জনপ্রিয়তা নাথাকিলেও মধ্যপ্রদেশৰ দৰে ৰাজপৰিয়ালৰ বিশেষ সমাদৰ থকা ৰাজ্যখনত যুৱ নেতাজনে সামাজিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী ভূমিকা লোৱাৰ সুযোগ সদায়ে পাই আহিছে৷ পিতৃ মাধৱৰাও সিন্ধিয়াৰ মৃত্যুৰ পিছত ২০০১ চনত তেওঁ আনুষ্ঠানিকভাৱে ৰাজনীতিত যোগ দিছিল৷ স্বাভাৱিকতে কংগ্রেছত তেওঁ গান্ধী পৰিয়ালৰে ঘনিষ্ঠতাৰ সুবাদতে আৰম্ভণিৰে পৰা বিশেষ গুৰুত্ব লাভ কৰিছিল৷ কংগ্রেছে ইয়াৰ বাবে মধ্যপ্রদেশৰ ৰাজপৰিয়ালসমূহৰ সমর্থনো আদায় কৰিছিল৷ এতিয়া এই সুযোগ বিজেপিয়ে গ্রহণ কৰাটো নিশ্চিত৷ অৱশ্যে বিজেপিৰ লাভ হ’লেও জ্যোতিৰাদিত্যৰ দলত্যাগ কংগ্রেছৰ বাবে কিমান ডাঙৰ লোকচান তাক লৈ বিভিন্নজনে বিভিন্ন মতামত দিছে৷ প্রকৃততে ২০১৮ চনৰ বিধানসভা নির্বাচনৰ পিছৰে পৰা মধ্যপ্রদেশৰ কংগ্রেছত জ্যোতিৰাদিত্যই খোপনি হেৰুৱাইছিল৷ আনকি তেওঁ ৰাহুল গান্ধীৰ অত্যন্ত ঘনিষ্ঠ হোৱা সত্ত্বেও গান্ধী পৰিয়ালৰ সেউজ সংকেততে জ্যেষ্ঠ নেতা কমল নাথক মুখ্যমন্ত্রীৰ আসনত বহুওৱাৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্বও দিয়া হৈছিল৷ দিগ্বিজয় সিঙৰ দৰে বর্ষীয়ান নেতাই মুকলিকৈ জ্যোতিৰাদিত্যৰ জনপ্রিয়তা সন্দর্ভত প্রশ্ণ উত্থাপন কৰিছিল৷ ইয়াৰ ফলত ৰাজনৈতিক ভৱিষ্যতক লৈ তেওঁ নিৰাপত্তাহীনতাত ভোগাটো স্বাভাৱিক৷ ত্রিপুৰাৰ ৰাজপৰিয়ালৰ সদস্য আৰু জ্যোতিৰাদিত্যৰ সম্পর্কীয় ভাতৃ প্রদ্যুৎ দেৱবর্মনে এই সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁৰ মতে মধ্যপ্রদেশৰ ৰাজনৈতিক পৰিৱেশত জ্যোতিৰাদিত্যই নিৰাপত্তাহীনতাত ভোগাটো সঁচা৷ ৰাহুল গান্ধীয়ে যদি কমল নাথৰ ওপৰত ইমান আস্থা ৰাখিছে তেন্তে তেওঁ জ্যোতিৰাদিত্যক ৰাজ্যসভাৰ সদস্য হিচাপে দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিছিল৷ জ্যোতিৰাদিত্যই বিজেপিৰ দৰে দলত যোগদান কৰাটো এক ভুল সিদ্ধান্ত বুলি প্রদ্যুৎ দেৱবর্মনে মন্তব্য কৰিছে যদিও তেওঁ লগতে কয় যে যুৱ নেতাসকলক কংগ্রেছে যিদৰে গুৰুত্বহীন কৰিছে তাৰ পৰিণাম ভয়াৱহ হ’ব ৷
কেৱল জ্যোতিৰাদিত্যই নহয়, আন কেবাজনো যুৱ নেতা নেতৃত্বক লৈ অসন্তুষ্ট হৈ আছে৷ দিপেন্দৰ হুদা, মিলিন্দ দেওৰা, জিতিন প্রসাদ, সন্দীপ দীক্ষিত, শচীন পাইলটৰ দৰে নেতাক কংগ্রেছৰ শীর্ষনেতাসকলে একাষৰীয়া কৰি ৰাখিছে৷ অৱশ্যে ইয়াৰ পিছতো তেওঁলোকে শিবিৰ সলনি কৰা নাই৷ দেৱবর্মনেও নেতৃত্বৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰি ত্রিপুৰা কংগ্রেছৰ মুৰব্বীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলেও তেওঁ কংগ্রেছতে আছে৷ সম্ভৱতঃ জ্যোতিৰাদিত্যও থাকিলহেঁতেন৷ কিন্তু ৰাহুল গান্ধীয়ে শেহতীয়াকৈ তেওঁক উপেক্ষা কৰাৰ লগতে বিজেপিয়ে তেওঁক ৰাজ্যসভালৈ নিয়াৰ বাবে দিয়া প্রতিশ্রুতিৰ বাবে তেওঁৰ এই সিদ্ধান্ত খৰতকীয়া হ’ল৷ দেৱবর্মনে জনোৱা মতে, পাঁচ মাহৰ পূর্বে জ্যোতিৰাদিত্যই ৰাহুলৰ সাক্ষাৎ বিচাৰি তেওঁৰ কার্যালয়ৰ সৈতে যোগাযোগ কৰিছিল৷ কিন্তু তেওঁক সাক্ষাতৰ সময় দিয়া নহ’ল৷ শেহতীয়াকৈ ৰাহুলে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে জ্যোতিৰাদিত্যই তেওঁৰ ঘৰলৈ কাকো নোসোধাকৈ যিকোনো সময়তে আহিব পাৰে৷ অৱশ্যে কংগ্রেছৰ ভিতৰুৱা সূত্রই প্রকাশ কৰা মতে গান্ধী পৰিয়ালে তেওঁৰ সৈতে পূর্বৰ দৰে যোগাযোগ ৰক্ষা কৰা হ’লে জ্যোতিৰাদিত্যই শিবিৰ সলনি নকৰিলেহেঁতেন ৷
২০০২ চনত জ্যোতিৰাদিত্য প্রথমবাৰৰ বাবে লোকসভাৰ সদস্য হিচাপে নির্বাচিত হৈছিল৷ ২০০১ চনৰ ৩০ ছেপ্ঢেম্বৰত পিতৃ মাধৱৰাওৰ বিমান দুর্ঘটনাত মৃত্যুৰ পিছতে সেই বছৰৰে ডিচেম্বৰত জ্যোতিৰাদিত্যই কংগ্রেছত যোগদান কৰিছিল৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্র ৩০ বছৰ৷ ২০০৪ চনত তেওঁ পুনৰ লোকসভালৈ নির্বাচিত হয় আৰু মনমোহন সিং চৰকাৰৰ মন্ত্রী মণ্ডলীত ৰাজ্যিক মন্ত্রী হিচাপে ২০০৭ চনত অন্তর্ভুক্ত হয়৷ ২০০৯ চনতো উপর্যুপৰি তৃতীয়বাৰৰ বাবে তেওঁ নির্বাচিত হয় লোকসভালৈ৷ এইবাৰো তেওঁক ৰাজ্যিক মন্ত্রীৰ দায়িত্ব দিয়া হয় যদিও পৰৱর্তী সময়ত কেবিনেট মন্ত্রী হিচাপে পদোন্নতি লাভ কৰে৷ জ্যোতিৰাদিত্য আছিল ইউপিএ চৰকাৰৰ আটাইতকৈ ধনী মন্ত্রীসকলৰ ভিতৰত অন্যতম৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ২৫ কোটি বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে৷ তেওঁৰ হাতত থকা অলংকাৰৰ মূল্যই আছিল ৫.৭ কোটি৷ ১৬ কোটি টকা তেওঁৰ দেশী–বিদেশী ছিকিউৰিটীত বিনিয়োগ কৰিছিল৷ ইয়াৰ লগতে জ্যোতিৰাদিত্যই পিতৃৰ ২০ হেজাৰ কোটি টকাৰ সম্পত্তিৰ একক মালিকীস্বত্ব দাবী কৰিছিল যদিও আন আত্মীয়ৰ সৈতে বিবাদৰ বাবে বর্তমান এই সম্পর্কীয় গোচৰৰ বিচাৰ আদালতত চলি আছে৷ ২০১৪ চনৰ লোকসভা নির্বাচনতো জয়ী হৈছিল জ্যোতিৰাদিত্য৷ কিন্তু ২০১৯ চনত তেওঁ আসনখন হেৰুৱাবলগীয়া হয়৷ সেই সময়ত মুখ্যমন্ত্রিত্বক লৈ চলি থকা বিবাদৰ বাবে কমল নাথ আৰু তেওঁৰ সমর্থকসকলে নির্বাচনত জ্যোতিৰাদিত্যৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰা বুলি অভিযোগ উঠিছিল৷ লক্ষণীয় যে ২০১৮ চনৰ বিধানসভা নির্বাচনত কংগ্রেছে জয়লাভ কৰিলেও যোৱা লোকসভা নির্বাচনত মধ্যপ্রদেশৰ ২৯খন আসনৰ ভিতৰত ২৮খনতে বিজেপি জয়ী হৈছিল ৷
ৰাজনৈতিক ক্ষেত্রখনত বিগত দুটা দশকত জ্যোতিৰাদিত্যৰ নাম সকলোৰে পৰিচিত হ’লেও বহু সময়ত সাধাৰণ জনতাৰ আকর্ষণক লৈ তেওঁক হেয় প্রতিপন্ন কৰাৰ সুযোগ গ্রহণ কৰি আহিছিল কংগ্রেছৰেই একাংশ নেতাই৷ ৰাজপৰিয়ালৰ প্রতি আনুগত্য আৰু ৰাজপৰিয়ালৰ সদস্যসকলৰ ভাবমূর্তিৰ বাবেই মধ্যপ্রদেশৰ একাংশ জনতাৰ মাজত সিন্ধিয়া পৰিয়ালৰ প্রভাৱ কোনেও নুই কৰিব নোৱাৰে৷ ৰাজনৈতিক কেৰিয়াৰ গঢ়াত জ্যোতিৰাদিত্যক এই দিশটোৱে নিশ্চিতভাৱে সহায় কৰিছিল৷ কিন্তু বহু ৰাজনৈতিক পর্যবেক্ষকে দাবী কৰে যে জননেতা হিচাপে জ্যোতিৰাদিত্যই নিজৰ পৰিচয় শক্তিশালী ৰূপত দাঙি ধৰিব পৰা নাই৷ ৰাজনৈতিক সংগঠক হিচাপেও তেওঁ যিখিনি কৰিছে সেয়া এজন জননেতা হিচাপে পৰিচয়ৰ বাবে যথেষ্ট নহয় ৷
১৯৭১ চনৰ ১ জানুৱাৰীত মুম্বাইত জন্ম হৈছিল জ্যোতিৰাদিত্যৰ৷ তেওঁৰ মাতৃ হ’ল মাধৱী ৰাজে সিন্ধিয়া৷ ডেৰাডুনৰ ডুন স্কুলত স্কুলীয়া শিক্ষা গ্রহণ কৰাৰ পিছত হার্ভার্ড কলেজৰ পৰা তেওঁ অর্থনীতিত স্নাতক ডিগ্রী লাভ কৰে৷ ২০০১ চনত তেওঁ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্রীও লাভ কৰে৷ শিক্ষাজীৱন সামৰাৰ কেইমাহ মানৰ পিছতেই তেওঁ ৰাজনীতিত যোগদান কৰাৰ সিদ্ধান্ত ল’বলগীয়া হয় পিতৃৰ অকাল বিয়োগৰ বাবেই৷ দুই দশকজোৰা ৰাজনৈতিক জীৱনত বিশেষ উত্থান–পতনৰ সন্মুখীন নহ’লেও কংগ্রেছত শেহতীয়াকৈ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে তেওঁ সংগ্রাম কৰিবলগীয়া হৈছিল৷ ইয়াৰ পৰা যদি তেওঁ শিক্ষা লৈছে তেন্তে বিজেপিত ৰাজনীতিৰ নতুন ইনিংছ আৰম্ভ কৰাৰ সময়ত সেয়া তেওঁৰ বাবে নিশ্চয় সহায়ক হ’ব ৷