নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব এছিয়া কাপ !

🔹 ভাৰতলৈ নাহে পাকিস্তান ক্রিকেট দল

নিউজ ডেস্ক, ১ মাৰ্চ : চেম্পিয়নছ ট্ৰফীত খেলিবলৈ পাকিস্তান ভ্রমণ নকৰাৰ পৰিণাম ভুগিব ভাৰতে৷ অহা ছেপ্টেম্বৰ মাহত ভাৰতত এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা যদিও প্রতিযোগিতাখন এতিয়া নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ কাৰণ এছিয়া কাপত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্রমণ নকৰে পাকিস্তান ক্রিকেট দলটোৱে৷ এছিয়া কাপৰ আয়োজক ভাৰত হ’লেও সমগ্র প্রতিযোগিতাখন আন এখন দেশত অনুষ্ঠিত হ’ব৷ অৱশ্যে এই সন্দর্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷ চেম্পিয়নছ ট্ৰফী আয়োজনৰ সময়ত সিদ্ধান্ত লোৱা হৈছিল যে ভাৰত যদি পাকিস্তানলৈ নাযায় তেন্তে পাকিস্তানেও ভাৰতত খেলিবলৈ নাহে৷ ফলত আগন্তুক এছিয়া কাপ ভাৰতত আয়োজন হ’লেও পাকিস্তানৰ খেলসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব লাগিব৷ কিন্তু যিহেতু এছিয়া কাপ টি–২০ ফর্মেটত হ’ব৷ একেৰাহে খেলৰ বাবে হাহব্রিড মডেলৰ আয়োজন কৰাটোও যথেষ্ট কঠিন৷ সেয়েহে এছিয়ান ক্রিকেট কাউঞ্চিলে বিচাৰিছে সমগ্র প্রতিযোগিতাখন ভাৰতৰ বাহিৰত অনুষ্ঠিত হওক৷ ভাৰত আয়োজক হ’লেও ভাৰতৰ মাটিত কোনো মেচ অনুষ্ঠিত নহ’ব৷ এছিয়া কাপৰ সম্ভাব্য আয়োজক দেশৰ তালিকাত আছে দুখন দেশ৷ শ্রীলংকা বা ডুবাইত সমগ্র প্রতিযোগিতাখন আয়োজন কৰিব বিচাৰিছে এচিচিয়ে৷ কিন্তু ছেপ্টেম্বৰ মাহত ডুবাইত বৰ গৰম হয়৷ গতিকে এছিয়া কাপ শ্রীলংকাত আয়োজন কৰিব পৰা যাব৷ কিন্তু সংগঠনটোৰ সকলো দায়িত্ব ভাৰতৰ হাতত থাকিব৷ মন কৰিবলগীয়া যে ২০২৩ চনৰ এছিয়া কাপৰ আয়োজক আছিল পাকিস্তান৷ কিন্তু হাইব্রিড মডেলৰ অধীনত আয়োজন কৰা প্রতিযোগিতাখনত ভাৰতৰ মেচসমূহ দ্বীপৰাষ্ট্রত অনুষ্ঠিত হৈছিল৷ সূত্র অনুসৰি এছিয়া কাপৰ সূচী এনেদৰে তৈয়াৰ কৰা হ’ব যাতে ক্রিকেট অনুৰাগীয়ে ভাৰত–পাকিস্তানৰ খেলখন কমেও দুবাৰকৈ উপভোগ কৰিব পাৰিব৷ যদিহে দুটা দলে ফাইনেলত প্রৱেশ কৰে তেন্তে একেখন প্রতিযোগিতাতে তিনিবাৰকৈ মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী দল দুটা৷ ভাৰত আৰু পাকিস্তানৰ উপৰি এছিয়া কাপত অংশগ্রহণ কৰিব শ্রীলংকা, বাংলাদেশ, আফগানিস্তান, সংযুক্ত আৰব আমিৰ শ্বাহী, ওমান আৰু হংকঙে৷

You might also like