নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচিৰ নকআউট মেচত ব্যর্থতাৰ ধাৰা ভংগৰ লক্ষ্য ৰোহিত বাহিনীৰ

নিউজ ডেস্ক, ৪ মাৰ্চঃ ২০১১ চনৰ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলৰ পিছৰ পৰা আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াৰ বিপক্ষে জয়ৰ মুখ দেখা নাই ভাৰতীয় ক্রিকেট দলটোৱে৷ ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেল আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত কেংগাৰু বাহিনীৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল টীম ইণ্ডিয়াই৷ আইচিচিৰ নকআউট মেচত দীর্ঘদিনীয়া ব্যর্থতাৰ ধাৰা ভংগৰ লক্ষ্য লৈছে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ চলিত আইচিচি চেম্পিয়নছ ট্রফীৰ আজি ডুবাইত হ’বলগীয়া প্রথমখন ছেমিফাইনেলত ভাৰতীয় দলটোৰ প্রতিদ্বন্দ্বী হ’ল শক্তিশালী অষ্ট্রেলিয়া৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি হ’বলগীয়া ছেমিফাইনেল মেচখনত কেংগাৰু বাহিনীক পৰাস্ত কৰি দীর্ঘদিনীয়া ব্যর্থতাৰ ধাৰা ভংগ কৰি ফাইনেলত প্রৱেশ কৰাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব ৰোহিত ব্রিগেড৷ মেচখনত জয়লাভ কৰাটো উজু নহ’ব বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে আমি পূর্বৰ ফলাফলক চাই অতিৰিক্ত চাপ ল’ব বিচৰা নাই৷ নতুন উদ্যেমেৰে আজিৰ মেচখনত আমি অৱতীর্ণ হ’ম৷ কেংগাৰু বাহিনীৰ বিপক্ষে এক বিশেষ ৰণনীতিৰে নমাৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা লীগৰ অন্তিমখন মেচত মোৰ লগতে গিল আৰু কোহলিয়ে বিশেষ উন্নত প্রদর্শন কৰিব পৰা নাই৷ আজি আমি প্রথমৰ পৰাই আক্রমণাত্মক খেল খেলি বিপক্ষক চাপত ৰাখিব লাগিব৷ কোহলিৰ পৰা দীঘলীয়া ইনিংছৰ আশা কৰিছোঁ৷ মিডল অর্ডাৰত শ্রেয়াছ আয়াৰে সুন্দৰ প্রদর্শন দাঙি ধৰি আহিছে আৰু আজিৰ এই গুৰুত্বপূর্ণ মেচখনত শ্রেয়াছে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব বুলি মই আশাবাদী৷ ইপিনে, বিগত মেচখনত বৰুণ চক্রৱর্তীয়ে দাঙি ধৰা দুর্দান্ত প্রদর্শনে আজিৰ ছেমিফাইনেলৰ বাবে মূল একাদশটো গঠনক লৈ কিছু চিন্তা হৈ পৰিছে৷ যিহেতু বৰুণে বিগত মেচখনত দুর্দান্ত বলিং প্রদর্শন দাঙি ধৰি দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিছে, গতিকে আজি তেওঁক বাদ দিয়াটো সমীচিন নহ’ব৷ গতিকে, পূর্বৰ মেচখনত খেলা মূল একাদশৰে মেচখনত অৱতীর্ণ হ’ব বুলি ইংগিত দিছে অধিনায়কগৰাকীয়ে৷ ইফালে, আজি ছেমিত চাৰিগৰাকী স্পিনাৰক লৈ কেংগাৰু বাহিনীক বধ কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় দলটোৱে৷ বৰুণৰ লগতে স্পিন বলিঙৰ দায়িত্বত থাকিব কুলদীপ যাদৱ, ৰবীন্দ্র জাদেজা আৰু অক্ষৰ পেটেল৷ পেচ বলিঙৰ দায়িত্ব বহন কৰিব মহম্মদ ছামিৰ লগতে অর্শদীপ সিঙে৷

খেলৰ সময়ঃ দিনৰ ২.৩০ বজা৷

You might also like