নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : পৰহি ক্ৰিপ্টো কেলেংকাৰি সন্দৰ্ভত তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছত মঙলবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত পুনৰ গোপন সূত্ৰৰ পম খেদি দক্ষিণ শালমাৰা আৰক্ষীৰ সহযোগত আৰক্ষীৰ দল এটাই টুমনী শিমলাকান্দি গাঁৱত অভিযান চলায়। অভিযান কালত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তদ্বয়ে এআই চালিত বৈদেশিক মুদ্ৰা ব্যৱসায়ৰ জৰিয়তে ৫-৬% মাহিলি ৰিটাৰ্নৰ মিছা প্ৰতিশ্ৰুতি দিছিল। ধৃত যুৱকদ্বয় ক্ৰমে টুমনী ছিমলাকান্দি গাঁৱৰ আখেৰুজ্জামান আহমেদ আৰু নুৰ আলম আহমেদ। যুৱকদ্বয়ৰ পৰা ৫টা মোবাইল ফোন, ৩টা লেপটপ, এ টি এম ছোৱাইপ মেচিন, ১১খন এ টি এম কাৰ্ড, ৫খন বেংক পাছবুকৰ লগতে ক্ৰিপ্টো আঁচনিৰ নথি-পত্ৰ, লেনদেনৰ ৰেকৰ্ডৰ সৈতে ডায়েৰী এখন, পাছপ’ৰ্ট, ৭খন চেক বুক জব্দ কৰিবলৈ সক্ষম হয়। লক্ষণীয় যে পূৰ্বে হিমাচল প্ৰদেশত 500 কোটি টকাৰ জালিয়াতিৰ অভিযোগত অভিযুক্ত ডুবাইৰ লভিছ চৌধুৰীৰ সৈতে সংযোগ স্থাপন কৰিছিল। গুৱাহাটীৰ গ্ৰীনউড ৰিজৰ্টত অভিযুক্ত আৰু অন্যান্য চক্ৰৰ সদস্যৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল। তেওঁলোকৰ ৱেবছাইটটো USA আৰু Germanyত হ’ষ্ট কৰা হৈছে আৰু ইয়াৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু অধিক তদন্ত চলি আছে।
প্ৰেৰক ফাৰহাদ আহমেদ