নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্ম–চিত্রৰ ভ্রম

🔹 ড০ পার্থসাৰথি মহন্ত

আত্ম–চিত্র, নিজক লৈ আমাৰ মনত এখন ছবি থাকে৷ আমি সেয়া হ’ব বিচাৰোঁ৷ এটা সময়ত আমি ভাবি লওঁ যে আমি সেয়া হৈ গ’লোঁ৷ আমি যি হ’ব বিচাৰোঁ সেইটো বিশ্বাস কৰোঁ৷ আমি ভাবোঁ আমি সেয়া হৈ গ’লোঁ৷ এটা ভ্রম৷ আত্ম–চিত্রৰ ভ্রম৷
বাস্তৱৰ পৰিৱর্তে নিজৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি আত্ম–ভাবমূর্তি সৃষ্টি কৰা মানুহৰ এটা স্বাভাৱিক প্রৱণতা৷ আমি নিজৰ এটা আদর্শ সংস্কৰণ কল্পনা কৰোঁ৷ মই এজন অধিক বুদ্ধিমান, অধিক সফল, অধিক আকর্ষণীয় বা অধিক সন্মানীয় ব্যক্তি৷ সময়ৰ লগে লগে আমি এই ভ্রমত বিশ্বাস কৰিবলৈ আৰম্ভ কৰোঁ৷ আমি পতিয়ন যাওঁ যে আমি ইতিমধ্যে এই ‘সপোনৰ প্রতিচ্ছবি’ হৈ পৰিছোঁ৷
সত্য অৱশ্যে প্রায়ে বেলেগ৷ আমি যদিও আমাক প্রশংসা কৰা, সন্মান কৰা বা ভয় কৰা বুলি ভাবোঁ, আন মানুহখিনি কিন্তু এই ভ্রমত নাই৷ বহু ক্ষেত্রত ভদ্রতা ৰক্ষাৰ বাবে বা ব্যক্তিগত লাভৰ বাবে বা সংঘাতৰ পৰা হাত সাৰিবলৈহে তেওঁলোকে খোলোচাকৈ একো নকয়৷ বৰঞ্চ আমাৰ আত্ম–ভাবমূর্তিক গ্রহণ কৰাৰ অভিনয় কৰি তেওঁলোকে এটা স্ফূর্তি পাই থাকে৷ আমাৰ পিঠিৰ আঁৰত তেওঁলোকে আমাক হাঁহিহে থাকে৷
তথাপি আমি নিজৰ ভ্রমত পৰোঁ৷ কিয়?
আত্ম–বৈধকৰণৰ ইচ্ছা৷ আমি সকলোৱে নিজকে গুৰুত্বপূর্ণ আৰু সফল বুলি অনুভৱ কৰিব বিচাৰোঁ৷ কিন্তু আমাৰ আশাৰ পৰা বাস্তৱ যেতিয়া বহু আঁতৰত থাকে, তেতিয়া আমি সেই ব্যৱধান পূৰণৰ বাবে এক ভ্রমৰ সৃষ্টি কৰোঁ৷ আমাৰ কিবা খুঁত আছে বুলি মানি লোৱাতকৈ আমি ইতিমধ্যে মহান বুলি বিশ্বাস কৰাটো সহজ৷ আমি সেয়াই কৰোঁ৷
সামাজিক শক্তিবর্ধন৷ আমাৰ চৌপাশৰ মানুহে যদি আমাৰ ভ্রমক প্রত্যাহ্বান জনোৱা নাই তেন্তে আমি ধৰি লওঁ যে সেয়া নিশ্চয় সঁচা৷ বেয়া গায়ক এজনক যদি কোনেও তেওঁৰ কণ্ঠ ভয়ংকৰ বুলি নকয়, তেওঁ নিজকে প্রতিভাশালী বুলিয়েই ভাবি থাকে৷ উৎসাহ ভুৱা হ’লেও ভ্রম শক্তিশালী হয়৷
জ্ঞানমূলক পক্ষপাতিত্ব৷ আমাৰ বিশ্বাসক নিশ্চিত কৰা কথাবোৰ লক্ষ্য কৰাটো আমাৰ প্রৱণতা৷ সেইবোৰ বিৰোধিতা কৰা কথাবোৰ আমি আওকাণ কৰোঁ৷ এজন ব্যক্তিয়ে যদি আমাক প্রশংসা কৰে, সেয়া আমি আমাৰ মহানতাৰ প্রমাণ হিচাপে লওঁ, আনহাতে আন দহজন সমালোচনাকাৰীক উপেক্ষা কৰোঁ৷
কোনোবাই নিজকে সাংঘাতিক ব্যৱসায়িক প্রতিভা থকা বুলি গণ্য কৰে, কাৰণ তেওঁ উদ্যোগীকৰণৰ বিষয়ে কিতাপ পঢ়িছে৷ তেওঁ কৌশল, বিনিয়োগ, সফলতাৰ কথা কয়, কিন্তু বাস্তৱত কেতিয়াও কোনো উল্লেখযোগ্য বস্তু গঢ়ি তুলিব পৰা নাই৷ আনে তেওঁক লৈ ধেমালি কৰে, কিন্তু লগ পালে ভদ্রভাৱে মাত দিয়ে৷ তেওঁ ভ্রমত থাকে৷
অনেকে সামাজিক মাধ্যমত ছেল্ফি, প্রেৰণাদায়ক উক্তি আৰু বিলাসী জীৱনশৈলীৰ ছবি পোষ্ট কৰে৷ চিনাকি মানুহখিনিয়েও বেয়া পাব বুলি লাইক আৰু কমেণ্ট দিয়ে৷ তেওঁ ভাবি লয় তেওঁ সাংঘাতিক জনপ্রিয়, অত্যন্ত প্রভাৱশালী৷ আচল কথাটো হ’ল এই লাইক, কমেণ্ট কৰা মানুহখিনি হয় তেওঁৰ প্রতি উদাসীন, নহয় তেওঁ গম নোপোৱাকৈ তেওঁক উপহাস কৰে৷
কোম্পানী এটাৰ চিইঅ’ই সকলো কর্মচাৰীয়ে তেওঁক ভয় আৰু সন্মান কৰে বুলিয়েই ভাবে৷ তেওঁ কর্তৃত্বৰে কথা কয় আৰু ধৰি লয় যে কর্মচাৰীসকলে তেওঁৰ নেতৃত্বক প্রশংসা কৰে, তেওঁৰ নেতৃত্বই সকলোকে অনুপ্রাণিত কৰে৷ বাস্তৱত কিন্তু কর্মচাৰীসকলে তেওঁৰ আদেশ মানি চলাৰ কাৰণ হ’ল– তেওঁলোকৰ হাতত কোনো উপায় নাই, কোনো বিকল্প নাই৷ সেয়েহে তেওঁ ওচৰত নথকা সময়ত তেওঁলোকে তেওঁক লৈ ব্যংগ কৰে৷
অর্থাৎ বাস্তৱতা পৰীক্ষা কৰাৰ প্রয়োজন আছে৷ বাস্তৱ কি আমি জানিব লাগিব, বুজিব লাগিব৷ কাৰণ দৈনন্দিন অভিজ্ঞতাবোৰ অতি চিনাকি হোৱা সত্ত্বেও আমি আত্ম–চিত্রৰ ভ্রমত ভোগো৷ মনোবিজ্ঞানী চুজান ব্লেকমাৰে কৈছে যে ‘ভ্রম’ শব্দটোৰ অর্থ এইটো নহয় যে ইয়াৰ অস্তিত্ব নাই– ভ্রম দেখাৰ দৰেহে নহয়৷ আমি যি অনুভৱ কৰোঁ সেয়া হৈছে আমাৰ মগজুৱে আমাৰ নিজৰ লাভৰ বাবে, নিজৰ সন্তুষ্টিৰ বাবে সৃষ্টি কৰা এক শক্তিশালী প্রতাৰণা৷ ব্রুছ হুডৰ মতে, এক বা একাধিক বুলি কোনো কথা নাই৷ বৰঞ্চ বাহ্যিক জগতখনেহে আমাক এটা চৰিত্রৰ পৰা আন এটা চৰিত্রলৈ সলনি কৰে, আমি পৰিস্থিতিৰ প্রতিফলন, আমি আমাৰ চৌপাশৰ প্রতিফলন৷ এই প্রতিফলনত আমি অস্তিত্ব লাভ কৰোঁ৷
অর্থাৎ আত্মমোহেই হৈছে আত্ম–চিত্র ভ্রমৰ মূল কাৰণ৷ এই আত্মমোহ এৰাই চলাৰ চাবিকাঠী হ’ল আত্মসচেতনতা৷ সপোনৰ প্রতিচ্ছবিক অন্ধভাৱে বিশ্বাস কৰাৰ পৰিৱর্তে আমি সৎ প্রতিক্রিয়া বিচৰা উচিত৷ আমি যি প্রশংসা লাভ কৰোঁ সেয়া প্রকৃত নে কেৱল ভদ্রতা– আমি প্রশ্ণ কৰা উচিত৷ ভ্রমত জীয়াই থকাতকৈ আমাৰ খুঁতবোৰ উপলব্ধি কৰি সেইবোৰৰ শুধৰণি কৰাৰ পৰাহে প্রকৃত আত্ম–উন্নতি আহে৷ মানুহ মূর্খ নহয়৷ তেওঁলোকে অভিনয় বুজি পোৱাই নহয়, কৰেও৷ মুখ খুলি মুখৰ আগত সঁচা কথাহে নকয়৷ অর্থাৎ প্রকৃত সন্মান লাভ কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল প্রামাণিক হোৱা, অহৰহ শিকি থকা আৰু নম্র হৈ থকা৷ কাৰণ পৰিপূর্ণতা হৈছে আমাৰ কল্পমূর্তিয়ে গঢ় দিয়া এটা ভ্রম৷ আমাৰ মন–মগজুত কোনো নির্দিষ্ট ‘মই’ নাই৷

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like