নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীৰ পুৰস্কাৰ বিতৰণক লৈ বাঢ়িছে বিতর্ক

নিউজ ডেস্ক, ১২ মাৰ্চঃ ক্ষোভ কমা নাই পাকিস্তান ক্রিকেট ব’ৰ্ডৰ৷ চেম্পিয়নছ ট্ৰফীৰ বঁটা প্রদান অনুষ্ঠানত পাকিস্তান ক্রিকেট ব’ৰ্ডৰ প্রতিনিধি অনুপস্থিতিক লৈ বিতর্ক বাঢ়িছে৷ এই বিষয়ত আইচিচিয়ে দিয়া ব্যাখ্যা মানি ল’বলৈ অনিচ্ছুক পিচিবিয়ে কঠোৰ পদক্ষেপ ল’বলৈ আগবাঢ়িছে৷ আইচিচিৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ ওলাইছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ চেম্পিয়নছ ট্ৰফীৰ আয়োজক দেশ পাকিস্তান৷ নিয়ম অনুসৰি, পাকিস্তান ক্রিকেট ব’ৰ্ডৰ এজন বিষয়া বঁটা প্রদান অনুষ্ঠানত থাকিব লাগিছিল৷ কিন্তু বিচিচিআইৰ সভাপতি ৰ’জাৰ বিন্নী আৰু সম্পাদক দেৱজিৎ শহকীয়া আছিল যদিও পাকিস্তানী বিষয়া নাছিল৷ আইচিচিৰ অধ্যক্ষ জয় শ্বাহো উপস্থিত থাকে৷ অর্থাৎ মঞ্চত প্রধান অতিথি তিনিওজনেই ভাৰতীয়৷ ক্রিকেটাৰসকলক পদক আৰু ব্লেজাৰ দিয়ে৷ শ্বাহে ট্ৰফী ৰোহিত শর্মাক গতাই দিয়ে৷ এই ঘটনাৰ পিছত আৰম্ভ হৈছিল বিতর্ক৷ পাকিস্তান ক্রিকেট ব’র্ডে কিয় পাকিস্তান ক্রিকেট ব’ৰ্ডৰ কোনো প্রতিনিধিক মাতি অনা নহ’ল তাৰ উত্তৰ বিচাৰিছে আইচিচিৰ পৰা৷ এটা সূত্রই দাবী কৰিছে যে ডুবাই ষ্টেডিয়ামত উপস্থিত আছিল পাকিস্তান ব’ৰ্ডৰ চিইঅ’ সুমাইৰ আহমেদ৷ তথাপিও তেওঁক বঁটা প্রদানৰ মঞ্চলৈ মাতি অনা নহ’ল৷ সূত্রটোৱে কয় যে ফাইনেলৰ দিনটোত পিচিবিৰ অধ্যক্ষ নাকভি ডুবাইত থাকিব নোৱাৰিলে৷ কাৰণ, দেশৰ প্রাদেশিক মন্ত্রী হিচাপে তেওঁৰ কিছুমান পূর্ব নির্ধাৰিত কাম আছিল৷ অৱশ্যে মুখ্য কার্যবাহী বিষয়াগৰাকীক ডুবাইলৈ প্রেৰণ কৰা হয়৷ কিন্তু তেওঁক মঞ্চলৈ মাতি অনা হোৱা নাছিল৷ ফলত, তেওঁলোকে বঁটা প্রদান অনুষ্ঠানৰ ঘটনাটো সহজে এৰি দিবলৈ ইচ্ছুক নহয়৷

You might also like