নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ বাবে জনতাৰ ভিৰ থকা বজাৰ ত্যাগ কৰি নগদ ধনৰ বিপৰীতে ডিজিটেল লেনদেন কৰিবলৈ পৰামর্শ আগবঢ়াইছে আৰ বি আয়ে ৷ সোমবাৰে আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাসে এখন সংবাদ মেলযোগে এই আহ্বান জনায় ৷ মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছৰ শংকাই অর্থনীতি বিধ্বস্ত কৰি তোলাৰ সময়ত আৰ বি আয়ে ৰেপ’ৰেট কর্তন কৰাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছিল যদিও আৰ বি আইৰ গৱর্নৰে তেনে কোনো ঘোষণা নকৰিলে ৷ উল্লেখ্য যে ইউ এছ ফেডাৰেল ৰিজার্ভে পলিচী ৰেট প্রায় শূন্যৰ ওচৰলৈ কর্তন কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত আৰ বি আয়ে ৰেপ’ৰেট কর্তন কৰাটো চর্চিত হৈছিল ৷
Prev Post
You might also like