নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী জীৱন দাসৰ “উন্মনা ফাগুন” শীৰ্ষক গীত উন্মোচন

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চ : দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত দেৰগাঁৱৰ অগ্ৰণী সাংস্কৃতিক মঞ্চ “বহ্নিমান সাংস্কৃতিক মঞ্চ”ৰ উদ্যোগত দেৰগাঁৱৰ এজন নিৰব সংগীত সাধক শিল্পী জীৱন দাসৰ কথা, সুৰ, কন্ঠদান কৰা “উন্মনা ফাগুন” শীৰ্ষক গীত উন্মোচন কৰা হয়। বহ্নিমান সাংস্কৃতিক মঞ্চৰ সভাপতি ৰাজু গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত উন্মোচনী সভাত গীতটো উন্মোচন কৰে প্ৰবীণ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী নবীন গোঁহায়ে। খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জেষ্ঠ অধ্যাপিকা তথা বহ্নিমান সাংস্কৃতিক মঞ্চৰ কাৰ্যকৰী সভাপতি গায়ত্ৰী দেৱীৱে আঁতধৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংস্কৃতিক কৰ্মী বাসৱ বৰবৰা, বিশিষ্ট লেখক ৰাজেন পূজাৰী, সাংস্কৃতিক কৰ্মী প্ৰাণকৃষ্ণ খাউণ্ড, শিক্ষাবিদ চাৰু বৰুৱা, সাংস্কৃতিক কৰ্মী জোনালী নাথ, মঞ্চৰ সম্পাদীকা ৰিঞ্জু হাজৰিকা, অধ্যাপিকা লাৱণ্য বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লোকুমনী হাজৰিকা, প্ৰবক্তা প্ৰিয়ংকা বৰা, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী মামনী বৰঠাকুৰ আৰু শিক্ষক ৰাজীৱ নাথ আদি বিশিষ্ট ব্যক্তি সকলৰ লগতে বহ্নিমান সাংস্কৃতিক মঞ্চৰ একাংশ বিষয়-ববীয়া আৰু সদস্য, সদস্যা সকল উপস্থিত থাকে। আনহাতে নৱতম “উন্মনা ফাগুন” শীৰ্ষক গীতটোক লৈ অধিক আশাবাদী কন্ঠশিল্পী জীৱন দাস।

প্ৰেৰক নবীন গোহাঁই

You might also like