নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মদক্ষ ড০ শর্মাই ৰাজ্যৰ উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰিছে

🔹 অসমৰ মুখ্যমন্ত্রীক উচ্চ প্রশংসা সোণোৱালৰ

বিশেষ বাৰ্তা, ১৬ মার্চ : লাচিত বৰফুকন পুলিচ একাডেমীৰ উদ্বোধনী অনুষ্ঠানৰ জনসভাৰ আৰম্ভণিতে কেন্দ্রীয় বন্দৰ জাহাজ আৰু জল পৰিবহণ বিভাগৰ কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ দিয়ে৷ তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মার্গদর্শনত অসমৰ সামগ্রিক বিকাশৰ যাত্রা ত্বৰান্বিত হোৱাৰ কথা উল্লেখ কৰি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আজিৰ পর্যায়ত উপনীত হোৱাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰো শলাগ লয়৷ লাচিত বৰফুকনৰ আদর্শৰে প্রতিগৰাকী আৰক্ষীক মার্গদর্শন কৰাবলৈ আৰু দেশৰ শান্তি আৰু নিৰাপত্তা সুনিশ্চিতকৰণত এই একাডেমীৰ প্রশিক্ষণপ্রাপ্ত আৰক্ষীসকলে আদর্শ দেখুৱাব বুলি তেওঁ আশা ব্যক্ত কৰে৷ অমিত শ্বাহক এগৰাকী সাহসী যোদ্ধা বুলি অভিহিত কৰি সোণোৱালে তেওঁ ৰাষ্ট্রৰ কেইবাটাও গুৰুত্বপূর্ণ সমস্যা সমাধানত গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ বাবে শলাগ লয়৷ উত্তৰ–পূবৰ সমস্যাৰাজিৰ সমাধানৰ বাবেও গৃহমন্ত্রীগৰাকীয়ে আগবঢ়োৱা সহযোগিতাৰ কথা স্মৰণ কৰে৷ বর্তমানৰ কর্মদক্ষ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনৰ উন্নয়নৰ ধাৰা অধিক ত্বৰান্বিত কৰি ৰখাৰ লগতে সোণোৱালে তেওঁৰ মুখ্যমন্ত্রিত্বৰ কালছোৱাতে আধাৰশিলা স্থাপন কৰা লাচিত বৰফুকন পুলিচ একাডেমীক আজিৰ অৱস্থাত উপনীত কৰোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শলাগ জ্ঞাপন কৰে৷ এই একাডেমীত বিজ্ঞান–প্রযুক্তিৰ সুপ্রয়োগ ঘটিব বুলি তেওঁ আশা ব্যক্ত কৰে৷

You might also like