এমবাপেৰ দুগলেৰে লা–লিগাৰ শীর্ষত ৰিয়েল মাদ্রিদ
নিউজ ডেস্ক, ১৭ মাৰ্চঃ লা–লিগা জয় কৰাৰ দৌৰত ৰিয়েলৰ সৈতে আছে বার্ছিলোনা আৰু এথলেটিকো মাদ্রিদ৷ তিনিওটা ক্লাবৰ মাজত অব্যাহত আছে তীব্র প্রতিদ্বন্দ্বিতা৷ পৰিস্থিতি এনে হৈছে গৈ যে এখন মেচত পইণ্ট নষ্ট কৰা মানেই দল পিছুৱাই যোৱাৰ সম্ভাৱনা৷ কিলিয়ান এমবাপেৰ জৰিয়তে লা–লিগাৰ পইণ্ট তালিকাত শীর্ষস্থান অব্যাহত ৰাখিলে ৰিয়েল মাদ্রিদে৷ ভিল্লাৰিয়েলৰ বিৰুদ্ধে দলৰ ২–১ ব্যৱধানত বিজয়ত গুৰুত্ব প্রদান আগবঢ়ালে ফৰাচী ষ্ট্রাইকাৰগৰাকীয়ে৷ ৰিয়েলৰ হৈ দুয়োটা গ’লেই দিয়ে এমবাপে৷ অৱশ্যে মেচৰ পিছত সূচীক লৈ শোক প্রকাশ কৰিলে ৰিয়েলৰ প্রশিক্ষক কার্লো আনচেলোট্টিয়ে৷ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত মেচখনত ৭ মিনিটতে গ’ল দি ভিল্লাৰিয়েলক অগ্রগতি প্রদান কৰে হুৱান ফয়েটে৷ ইয়াৰ পিছত আক্রমণৰ চোক বৃদ্ধি কৰে ৰিয়েলে৷ ১৭ মিনিটত এমবাপে এটা সুন্দৰ গ’লেৰে সমতা স্থাপন কৰে৷ আনহাতে, ২৩ মিনিটত আৰু এটা গ’ল দি মেচখনত তেওঁ ৰিয়েল মাদ্রিদক অগ্রগতি প্রদান কৰে৷ ইয়াৰ পিছত দুয়োটা দলে যথেষ্ঠ চেষ্টা চলায় যদিও কোনো এটা দলে গ’ল দিবলৈ সক্ষম নহ’ল৷ এই বিজয়ৰ ফলত ২৮খন মেচ খেলি ৬০ পইণ্টেৰে শীর্ষস্থানত উপনীত হৈছে ৰিয়েল মাদ্রিদ৷ দ্বিতীয় দলত থকা বার্চিলোনাই ২৬খন মেচৰ পৰা সংগ্রহ কৰিছে ৫৭ পইণ্ট৷ আনহাতে, ২৭খন মেচৰ পৰা ৫৬ পইণ্টেৰে তৃতীয় স্থানত আছে এটলেটিকো মাদ্রিদ৷ শনিবাৰে ৰিয়েলৰ হাতত পৰাজিত হোৱাৰ ফলত ২৭খন মেচত ৪৪ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানলৈ অৱনমিত হয় ভিল্লাৰিয়েল৷ মেচখনৰ পিছতে সূচীক লৈ ক্ষোভ প্রকাশ কৰি ৰিয়লেৰ প্রশিক্ষকগৰাকীয়ে একপ্রকাৰ হুমুকি দিয়ে আয়োজকক৷ কিয়নো, বুধবাৰে নিশা এটলেটিকৰ বিৰুদ্ধে খেলাৰ তিনিদিনৰ ভিতৰতে ভিল্লাৰিয়েলৰ বিপক্ষে খেলিবলগীয়া হৈছে ৰিয়েলে৷ প্রশিক্ষকগৰাকীয়ে কয় যে দুখন মেচৰ মাজত কমেও ৭২ ঘণ্টাৰ ব্যৱধান নাথাকিলে তেওঁলোকে মেচ বয়ক’ট কৰিব৷ উল্লেখ্য যে সূচী পৰিৱর্তনৰ বাবে ইয়াৰ পূর্বে দুবাৰ লিগা কর্তৃপক্ষক অনুৰোধ জনাইছে তেওঁ৷