হিন্দুৰ উৎসৱত ৰং খেলিলে ক্রিকেটাৰৰ কন্যাই
নিউজ ডেস্ক, ১৭ মাৰ্চঃ চেম্পিয়নছ ট্রফী চলি থকা সময়ত ৰোজা নৰখা বাবে মহম্মদ ছামিক অপৰাধী আখ্যা দিছিল অল ইণ্ডিয়া মুছলীম জামাতে৷ এইবাৰ মৌলবাদীৰ প্রশ্নৰ সন্মুখীন হৈছে ছামিৰ কন্যা৷ সম্প্রতি দৌল উৎসৱৰ আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছিল ভাৰতীয় ক্রিকেটাৰগৰাকীৰ কন্যাক৷ সেইবাবেই ছামিক ছৰিয়ত আইন শিকাইছে এই সংগঠনটোৰ সভাপতিয়ে৷ আনকি, মুছলীম হোৱা সত্ত্বেও ৰং খেলা ঘটনাক অনৈতিক আৰু ছৰিয়তবিৰোধী বুলি সমালোচনা কৰিছে সংগঠনটোৱে৷ ৰঙৰ উৎসৱত যোগ দিছিল ছামিৰ প্রাক্তন পত্নী হাছিন জাহানে৷ ইয়াৰ লগতে তেওঁলোকৰ কন্যাৰ ছবিও পোষ্ট কৰিছিল তেওঁ৷ বিভিন্ন ৰঙত সজাই তোলা হৈছিল তেওঁৰ কন্যাক৷ এই ঘটনাৰ পিছতে মৌলবাদী সংগঠনটোৱে উল্লেখ কৰিছে – ‘আমি ছামি আৰু তেওঁৰ পৰিয়ালৰ ওচৰত আৱেদন জনাইছোঁ ছৰিয়তবিৰোধী কার্য তেওঁলোকে যেন নকৰে৷ হোলী হিন্দুসকলৰ বৃহৎ উৎসৱ৷ কিন্তু মুছলমানসকলে তাৰ পৰা দূৰত থকা উচিত৷ যদি কোনোৱে ছৰিয়ত জানিও হোলী উৎসৱত অংশগ্রহণ কৰে তেনেহ’লে তাক ছৰিয়তবিৰোধী হিচাপে ধৰা হয়৷’ উল্লেখ্য যে চেম্পিয়নছ ট্রফী চলি থকা সময়ত ৰোজা নৰখাৰ বাবে মহম্মদ ছামিক তীব্র সমালোচনা কৰি সংগঠনটোৱে কৈছিল যে ৰোজা নাৰাখি তেওঁ ভয়ংকৰ অপৰাধ কৰিছে৷