পিএছএলক বুঢ়া আঙুলি দঃ আফ্রিকাৰ ক্রিকেটাৰৰ
নিউজ ডেস্ক, ১৮ মাৰ্চঃ ভাৰতৰ আইপিএল আৰু পাকিস্তান ছুপাৰ লীগ একে সময়তে অনুষ্ঠিত হ’ব৷ আনকি প্রতিযোগিতা আৰম্ভ হোৱাৰ আগতেই দুয়ো দেশৰ মাজত সংঘাত আৰম্ভ হয়৷ দক্ষিণ আফ্রিকাৰ এগৰাকী ক্রিকেটাৰে পাকিস্তানী লীগৰ দল এৰি আইপিএলৰ দলত যোগদান কৰাৰ অভিযোগত আইনী জাননী প্রেৰণ কৰিছে পিচিবিয়ে৷ ড্রাফটৰ সময়ত পাকিস্তানৰ দল পেছোৱাৰ জালমিয়ে দক্ষিণ আফ্রিকাৰ পেচ বলাৰ কর্বিন বছক ক্রয় কৰিছিল৷ কিন্তু আইপিএলৰ পূর্বে মুম্বাই ইণ্ডিয়ানছৰ পেচ বলাৰ লিজার্ড উইলিয়ামছ আঘাতপ্রাপ্ত হোৱাত মুম্বাই ইণ্ডিয়ানছে বছক উইলিয়ামছৰ স্থানত দলত অন্তর্ভুক্ত কৰে৷ এই ঘটনাটো পাকিস্তানে সহজভাৱে নল’লে৷ তেওঁলোকে পেচ বলাৰগৰাকীৰ এজেণ্টৰ জৰিয়তে তেওঁলৈ আইনী জাননী প্রেৰণ কৰিছে৷ প্রশ্ন উত্থাপন হৈছে যে এতিয়াও এটা দলত থকাৰ সময়তে তেওঁলোকক খবৰ নিদিয়াকৈ তেওঁ কেনেকৈ আন এটা দলত যোগদান কৰিলে৷ পাকিস্তান ক্রিকেট ব’র্ডে প্রকাশ কৰিছে যে বছে নির্ধাৰিত সময়ৰ ভিতৰত কোনো সঁহাৰি নিদিলে অধিক ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে পাকিস্তানে৷ আন এখন ব’ৰ্ডৰ লীগৰ লগত জড়িত এজন ক্রিকেটাৰক কেনেকৈ চুক্তিবদ্ধ কৰিবলৈ সক্ষম হ’ল, সেই সন্দর্ভত তেওঁলোকে প্রশ্ন উত্থাপন কৰে৷ অৱশ্যে বছ বা ইণ্ডিয়ান ক্রিকেট ব’র্ডে এই বিষয়ত এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই৷