নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বভাৰতীয় ৰেডিঅ’লজী কাৰিকৰী নিযুক্তি পৰীক্ষাত উজলিল মেহদি

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ সৰ্বভাৰতীয় পৰ্যায়ৰ ৰেডিঅলজী কাৰিকৰী নিযুক্তি পৰীক্ষাত উজলিল ধুবুৰীৰ গৌৰীপুৰৰ এগৰাকী যুৱকে। গৌৰীপুৰৰ খুদিমাৰীৰ মেহদি আলম হুদা নামৰ যুৱকগৰাকীয়ে ঘোষিত ২০২৪-২৫ বৰ্ষৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (AIIMS)ৰ ৰেডিঅলজী কাৰিকৰী নিযুক্তি পৰ্যায়ৰ পৰীক্ষাত (Radiology technology Common Recruitment) প্ৰথম স্থান লাভ কৰি ধুবুৰীকে ধৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। খুদিমাৰীৰ ছামচুল হুদা আৰু মেৰিনা বিবিৰ সন্তান হুদাৰ এই সাফল্যত এতিয়া আনন্দৰ বন্যা বৈছে গাওঁখনকে ধৰি পৰিয়ালটোত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like