২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকলৈ ঘূৰি আহিব বক্সিং
নিউজ ডেস্ক, ১৯ মাৰ্চঃ দীর্ঘদিনীয়া বিতর্ক আৰু প্রশাসনিক বাক–বিতণ্ডাৰ অন্তত ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ উভতি আহিব বক্সিং৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক সমিতিৰ সভাপতি থমাছ বাচে সোমবাৰে ঘোষণা কৰে যে আইঅ’চিৰ কার্যবাহী ব’র্ডে বক্সিং ইভেণ্টক ২০২৮ চনৰ অলিম্পিকৰ কার্যসূচীত অন্তর্ভুক্ত কৰাৰ বাবে সমর্থন জনাইছে৷ চলিত সপ্তাহৰ শেষৰ ফালে প্রায় ১০০ আহ’চিৰ সদস্যৰ চূডান্ত অনুমোদন আশা কৰা হৈছে৷ পৰিচালনা, বিত্তীয় অস্থিৰতা আৰু সততাক লৈ চলি থকা সমস্যাৰ বাবে ২০১৯ চনত ৰাছিয়াৰ নেতৃত্বত আন্তঃৰাষ্ট্রীয় বক্সিং এছ’চিয়েচনৰ সৈতে সম্পর্ক বিচ্ছিন্ন কৰাৰ পিছত এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইয়াৰ পিছত ২০২৩ চনত আইঅ’চিয়ে অভূতপূর্ব পদক্ষেপ গ্রহণ কৰে৷ হয়াৰ কিছুমান সদস্যহ বিশ্ব বক্সিং নামেৰে জনাজাত নতুন শাসকীয় সংস্থা স্থাপন কৰাৰ ঠিক আগতেই আইবিএক অলিম্পিকত অংশগ্রহণৰ পৰা স্থায়ীভাৱে আঁতৰাই পেলায়৷ বাচে লগতে কয় যে মই অতি আত্মবিশ্বাসী যে এই অধিৱেশনে ইয়াক অনুমোদন দিব৷ বিশ্বৰ সকলো বক্সাৰ নিশ্চিত হয় যে যদি তেওঁলোকৰ ৰাষ্ট্রীয় ফেডাৰেচনক বিশ্ব বক্সিঙৰ দ্বাৰা স্বীকৃতি দিয়া হয় তেন্তে তেওঁলোকে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত অংশগ্রহণ কৰিব পাৰিব৷ আইঅ’চিয়ে টকিঅ’–২০২১ আৰু পেৰিছ–২০২৪ অলিম্পিকত বক্সিং ইভেণ্টসমূহ স্বতন্ত্রভাৱে পৰিচালনা কৰিছিল যদিও লছ এঞ্জেলছ গেম্ছৰ পূর্বে নতুন অংশীদাৰিত্ব স্থাপন কৰিবলৈ বদ্ধপৰিকৰ আছিল৷ যোৱা মাহত আইঅ’চিয়ে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া ৱর্ল্ড বক্সিঙে ২০২৫ চনত অলিম্পিক কোৱালিফায়াৰ আৰম্ভ হোৱাৰ পূর্বে শাসনৰ সমস্যাসমূহৰ সমাধান আৰু মহিলাৰ যোগ্যতাৰ নিয়মসমূহ আপডেট কৰাৰ প্রতিশ্রুতি দিছে৷ বিশ্ব বক্সিঙৰ সভাপতি বৰিছ ভাণ্ডাৰ ভষ্টে আশা প্রকাশ কৰি কয় যে এয়া অলিম্পিক বক্সিঙৰ বাবে উল্লেখযোগ্য আৰু গুৰুত্বপূর্ণ সিদ্ধান্ত আৰু ই এই ক্রীড়াক অলিম্পিক কার্যসূচীলৈ পুনৰুদ্ধাৰ হোৱাৰ এখোজ ওচৰলৈ লৈ যাব৷ আইনী যুঁজ আৰু দীর্ঘদিনীয়া বিৰোধিতাৰ মাজতো আইঅ’চিয়ে নিশ্চিত কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈ আছে যে ৰাষ্ট্রীয় বক্সিং সংস্থাসমূহে অর্হতা পর্যায়ৰ পূর্বে বিশ্ব বক্সিঙৰ সৈতে নিজকে একাকাৰ কৰিবলৈ সময় পায়৷ এই সিদ্ধান্তই এই ক্রীড়াৰ বাবে উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্ণিত কৰিছে, অলিম্পিকৰ মঞ্চত ইয়াৰ স্থান পুনৰুদ্ধাৰ কৰাৰ লগতে বর্ধিত শাসন আৰু সততাক প্রসাৰিত কৰিছে৷ উল্লেখ্য যে যোৱা বছৰ আইঅ’চিয়ে স্পষ্ট কৰি দিছিল যে ২০২৮ চনৰ অলিম্পিক গেমছৰ ক্রীড়া কার্যসূচীত বক্সিং অন্তর্ভুক্ত কৰিবলৈ হ’লে ৰাষ্ট্রীয় বক্সিং ফেডাৰেচনসমূহে নতুন আন্তঃৰাষ্ট্রীয় ফেডাৰেচনক কেন্দ্র কৰি এক মতত উপনীত হ’ব লাগিব৷ শাসন আৰু ক্রীড়াৰ সততা সম্পর্কীয় বিভিন্ন মাফকাঠীৰ মূল্যায়নৰ অন্তত ২৬ ফেব্রুৱাৰীত আইঅ’চিৰ কার্যবাহী ব’র্ডে বিশ্ব বক্সিঙক সাময়িকভাৱে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লৈছিল৷